দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা বাতিল কৰাৰ বাবে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

0
547
ৰাজ্য চৰকাৰে এটা ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ক সংখ্যালঘু হিচাপে ঘোষণা
ফাইল ফটো

২০২২ বৰ্ষৰ ৰাজ্যিক শিক্ষা সংসদ, চিবিএছই, আইচিএছই আৰু এনআইঅ’এছে অনুষ্ঠিত কৰিবলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা বাতিল কৰাৰ কাৰণে কৰা এক আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

ন্যায়াধীশ এএম খানৱিলকাৰ, দীনেশ মহেশ্বৰী আৰু চিটি ৰবিকুমাৰেৰে গঠিত বিচাৰপীঠে দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা অনুষ্ঠিত নকৰিবৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে।

পৰীক্ষা অনুষ্ঠিত কৰি অহা কৰ্তৃপক্ষই পৰীক্ষা সন্দৰ্ভত এতিয়াও সিদ্ধান্ত ল’বলৈ বাকী থকা সময়ত অফলাইন পৰীক্ষা বাতিল কৰিবৰ বাবে জনোৱা আবেদনক অপৈনত আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

উল্লেখযোগ্য যে, ৰাজ্যিক শিক্ষা সংসদ, চিবিএছই, আইচিএছই আৰু এনআইঅ’এছে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰুদ্ধে কিছু দিন পূৰ্বে একাংশ পৰিক্ষাৰ্থীয়ে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

শিশু অধিকাৰ কৰ্মী তথা অধিবক্তা অনুভা চাহাই, ওড়িশা ছাত্ৰ সন্থাৰৰ সহযোগত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতাৰে আবেদন দাখিল কৰিছিল।

ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষতো দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।

আৰু পঢ়ক : বিড়ি নিদিয়াৰ বাবেই চোকা অস্ত্ৰৰে পিতৃক হত্যা পুত্ৰৰ