ছালৰ সৈতে ছালৰ কোনো সম্পৰ্ক নহলে সেয়া যৌন নিৰ্যাতন নহয়’-বোম্বে উচ্চ ন্যায়লয়ৰ এই বিবাদিত মন্তব্যত উচ্চতম ন্যায়লয়ৰ…

0
118
ছালৰ সৈতে ছালৰ কোনো সম্পৰ্ক নহলে সেয়া যৌন নিৰ্যাতন নহয়'

‘ছালৰ সৈতে ছালৰ কোনো সম্পৰ্ক নহলে সেয়া যৌন নিৰ্যাতন নহয়’-বোম্বে উচ্চ ন্যায়লয়ৰ এই বিবাদিত মন্তব্যত উচ্চতম ন্যায়লয়ৰ ..

যৌন নিৰ্যাতন সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে দিয়া এক বিবাদিত মন্তব্যক লৈ তোলপাৰ লাগি গৈছিল। সেই বিবাদিত মন্তব্যৰ পাছতে আজি উচ্চতম ন্যায়ালয়ে পুনৰ শুনানি কৰি নিজাকৈ ৰায়দান কৰে।

বোম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে- ‘ছোৱালী বুকুত কাপোৰৰ ওপৰেৰে হাত দিলে সেয়া যৌন নিৰ্যাতন নহয়, ছালৰ সৈতে ছালৰ সম্পৰ্ক হলে হে যৌন নিৰ্যাতন।’ ন্যায়াধীশ পুস্পা গানেড়ীবলাই এই ৰায়দান দিছিল।

যি মন্তব্যৰ পিছতে হাহকাৰ লাগি গৈছিল , ৰায়দানৰ পাছতে বোম্বে ন্যায়ালয়ৰ সমুখত বহু লোকে প্ৰতিবাদ কৰিছিল। সেই বিবাদিত মন্তব্যৰ ওপৰত উচ্চতম ন্যায়লয়ে দিয়ে নিজা ৰায়দান।

উচ্চতম ন্যায়ালয়ে সেই ৰায়দান খাৰিজ কৰাৰ লগতে কয় যে, নিজাববীয়াকৈ আইনৰ বাখ্যা নকৰিব। কাপোৰৰ ওপৰৰেই হওক বা যিয়েই নহওক, বেয়া উদ্দ্যেশৰে শিশুক স্পৰ্শ কৰা পোস্কো এক্ট ( POSCO Act) ৰ ভিতৰতেই পৰিব।

আৰু পঢ়ক : গুৱাহাটীবাসীয়ে আৰু আঢ়ৈ বছৰ ভুগিব লাগিব দুৰ্ভোগ, ইয়াৰ পূৰ্বে নাপাব খোৱা পানী