29 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পৈশাচিক কাণ্ড! মাক সন্তুষ্ট কৰিবলৈ ৫ শিশুক বলি দিবলৈ ওলাইছিল জমিউলে, তাৰ পিছত…

    শিৱসাগৰৰ বামবাৰী অঞ্চলৰ দেহত কালি লম্ভা বুলি দাবী কৰা এগৰাকী মহিলা আৰু মৰাণৰ এটা বেজৰ নিৰ্দেশতেই শনিবাৰে নিশা ১২ বজাত বলি দিয়াৰ বাবে সাজু কৰা হৈছিল থোৱা ৫ টাকৈ দেৱ শিশুক

    শিৱসাগৰৰ ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ পিতৃয়ে।

    নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা ৫টা দেৱ শিশু উদ্ধাৰ। ৰাইজৰ তৎপৰতাত শিশু কেইটাৰ প্ৰাণ ৰক্ষা।

    ৰাইজে আটক কৰি আৰক্ষীক গতালে মহিলাসহ ৩টা নৰাধমক।

    ধৃত জমিউল হুছেইন, চৰিফুল হুছেইন আৰু আয়েছা বেগম। জমিউল আৰু চৰিফুল সম্পৰ্কত ককাই-ভাই।

    শিৱসাগৰৰ বামবাৰী অঞ্চলৰ দেহত কালি লম্ভা বুলি দাবী কৰা এগৰাকী মহিলা আৰু মৰাণৰ এটা বেজৰ নিৰ্দেশতেই শনিবাৰে নিশা ১২ বজাত বলি দিয়াৰ বাবে সাজু কৰা হৈছিল থোৱা ৫ টাকৈ দেৱ শিশুক ।

    অঞ্চলটোৰ সচেতন ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

    মাটিৰ তলৰ ধন সোণ লাভৰ লগতে পৰিয়ালটোৰ অপায়-অমংগল দূৰ কৰাৰ বাবেই বেজ আৰু ছদ্মৱেশী কালী মাই দিছিল নৰবলিৰ এই নিৰ্দেশ। সেই অনুসৰিয়েই দুৰ্বৃত্ত কেইটাই বলিৰ বাবে সাজু কৰিছিল নিজ সন্তানক।

    সহজ ধনৰ লোভত নৰ বলিৰ বাবে দুৰ্বৃত্তকেইটাই নিজ সন্তান তথা দেৱ শিশু কেইটাক বলিৰ বাবে ডিমৌ মুখৰ জমিউলৰ ঘৰত সাজু কৰিছিল।

    অৱশ্যে পূৰ্বৰে পৰা সমগ্ৰ ঘটনাৰ গতি বিধি লক্ষ্য কৰি থকা ডিমৌ মুখৰ স্থানীয় ৰাইজে তৎপৰতাৰে দেৱ শিশু কেইটাক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনি দুৰ্বৃত্তক গটাই দিয়ে শিৱসাগৰ আৰক্ষীক।

    দুৰ্বৃত্ত তিনিটাক আটক কৰি আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।

    Photo Credit: Google

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং