নামিবিয়াৰ পৰা অনা চিতাবোৰক পহৰা দিব ‘কমাণ্ডো’ কুকুৰে; ৰক্ষা কৰিব চিকাৰীৰ পৰা

0
86

১৭ ছেপ্টেম্বৰত আফ্ৰিকাৰ দেশ নামিবিয়াৰ পৰা ভাৰতলৈ অনা হৈছিল ৮টা চিতা। এই খবৰে উৎফুল্লিত কৰিছিল প্ৰকৃতিপ্ৰেমীৰ লগতে দেশৰ জনসাধাৰণক।

৭৪ বছৰ পূৰ্বে ভাৰতৰ পৰা বিলুপ্ত হৈছিল চিতা।

নামিবিয়াৰ পৰা অনা আটাই কেইটা চিতাক মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল।

উল্লেখ্য যে, ১৯৫২ চনত দেশত চিতা বিলুপ্তিৰ ঘোষণা কৰা হৈছিল। কিন্তু এতিয়া দেশলৈ পুনৰ ঘূৰি আহিল চিতা। সেয়ে এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে এই চিতা কেইটাক কিদৰে নিৰাপত্তা দিব চৰকাৰে?

জনসাধাৰণ তথা প্ৰকৃতিপ্ৰেমীৰ মনত প্ৰশ্নৰ উদয় হোৱাৰ সময়তে চৰকাৰে এই চিতাবোৰক সুৰক্ষা দিবলৈ বিশেষ কমাণ্ডো কুকুৰৰ সহায় ল’ব বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, ইয়াৰ বাবে বিশেষ স্নিফাৰ কুকুৰক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকে চিতাবোৰক ৰক্ষা কৰিব। চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিব এই ৮ টা চিতাক।

আচলতে এনে কমাণ্ডো কুকুৰবোৰ এই ধৰণৰ কামৰ বাবেই নিৰ্ধাৰিত। তেওঁলোকক বিশেষ প্ৰশিক্ষণ দিয়া হয়।