গুত্থী ৰূপ লৈ পুনৰ উভতি আহিছে সুনিল

ছলমান খানৰ জনপ্ৰিয় অনুষ্ঠান বিগবছলৈ নিমন্ত্ৰণ পাইছে অভিনেতা গুত্থীৰূপী সুনিলে

0
49
Photo Credit: @whosunilgrover
Photo Credit: @whosunilgrover

পুনৰ নিজৰ গুত্থী ৰূপ লৈ উভতি আহিছে সুনিল গ্ৰোভাৰ। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে এক ভিডিঅ’ৰ সহায়ত এই কথা জনাই কমেডিয়ান অভিনেতাগৰাকীয়ে। ছলমান খানৰ জনপ্ৰিয় অনুষ্ঠান বিগবছলৈ নিমন্ত্ৰণ পাইছে অভিনেতা গুত্থীৰূপী সুনিলে।

পিছে এক অতিথি হিচাপে হাস্যৰস বিলাবলৈহে নিমন্ত্ৰণ পাইছে গুত্থীয়ে। সুনিল গ্ৰোভাৰৰ পৰা গুত্থী হোৱা অৰ্থাৎ সাজোন-কাচোন কৰি থকা ভিডিঅ’ টুইটাৰ একাউন্টত দিয়াৰ পিছতে অন্য ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

উল্লেখ্য যে কপিল শৰ্মা অনুষ্ঠানটোৰ জৰিয়তে গুত্থীৰূপী সুনিল সমগ্ৰ ভাৰততে নহয় বিশ্ববাসীৰ মাজতেই জনপ্ৰিয় হৈ পৰিছিল। পিছে কপিলৰ লগত হোৱা এক মতানৈক্যৰ পিছতে এৰা এৰি হয় কপিল শৰ্মা অনুষ্ঠানৰ পৰা। পিছে তাৰ পিছতো গুত্থীৰূপী সুনিল নিমন্ত্ৰণ পাই আহিছে বহুতো অনুষ্ঠানত।