33 C
Guwahati
Tuesday, September 27, 2022
More

    গৰমৰ দিনৰ প্ৰধান সমস্যা- ৰ’দে পোৰা ছাল, ৰুক্ষ চুলি…কিদৰে পৰিত্ৰান পাব

    গৰমৰ দিনৰ প্ৰধান সমস্যা, ৰ’দে পোৰা ছাল, ৰুক্ষ চুলি..কিদৰে পৰিত্ৰান পাব

    বৰষুণৰ সমানে গৰমৰ প্ৰকোপো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। গৰম বৃদ্ধি মানেই ছাল চুলিৰো সমস্যা বৃদ্ধি পাবলৈ ধৰিছে।

    সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয় এই দিন বোৰত । যাৰ বাবে এই কেইটা দিনত ছাল-চুলিৰ উপযুক্ত যত্ন লোনাৰ প্ৰয়োজন আহি পৰে।

    গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাই হৈছে সকলোতকৈ প্ৰধান কাম। ছাল চুলি নিয়মিত ৰূপত ধুই চাফা কৰি ৰাখিব লাগে যাতে ঘামত লাগি ধৰা ধুলিয়ে ছাল চুলি নষ্ট নকৰে।

    ছালৰ বাবে-
    সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে ।

    সেয়ে এই কেইটা দিনত প্ৰচুৰ পৰিমাণে পাণী খাব লাগে । বিভিন্ন ঘৰুৱা উপায়েৰেও ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে।

    গা ধোৱাৰ সময়ত পানীখিনিত দুই চামুচ গোলাপ জল, দুই চামুচ ছিগনেচাৰ টনিক মিহলাই ল’ব। গ্লিচাৰিনযুক্ত চাবোনেৰে গা ঘঁহি, এই পানীৰে ধুব।

    মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পাণীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব।

    তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব।

    গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব।

    কেৱল তিয়হো ব্যৱহাৰ কৰিব পাৰে, ই ছালত সতেজতা আনে। ৰদৰ পৰা ঘুৰি গৈ তিয়হৰ ৰস মুখত সানিলে ৰদে পোৰা কম কৰে।

    চুলিৰ বাবে
    অধিক গৰম হলেও চুলিত তেল সানিবই। নিশা তেল লগাই নথলেও মূৰ ধোৱাৰ ১-২ ঘণ্টা মান পূৰ্বে হলেও চুলিত তেল সানিব।

    পাৰিলে নাৰিকল তেল ব্যৱহাৰ কৰিব। নাৰিকল তেলৰ সমান উপকাৰী চুলিৰ বাবে নাই বুলি কোৱা হয়। লগতে নাৰিকল তেলে মূৰ শীতল কৰি ৰাখে।

    শুকান চুলি হ’লে চালকুঁৱৰীৰ ৰস আধাঘণ্টা লগাই থব । ই চুলি মসৃন কৰাৰ লগতে টনিঙৰ কামো কৰে ।

    নিমপাত বতি তাৰ ৰসত অলিভ অইল মিহলাই কুহুমীয়া গৰম কৰি চুলিৰ গুৰিত লগাব । এঘন্টামান ৰাখি ধুব । চুলি সৰা বন্ধ হব । চুলি গজিব ।

    বেছি শুকান আৰু আগ ফঁটা চুলিৰ বাবে মুলতানী মাটিৰ লগত কণী দুটা, দৈ একাপ মিহলাই আধাঘন্টা লগাই থৈ মূৰ ধুব।

    এই কেইটা দিনত অধিক খাৰ যুক্ত ছেম্পু ব্যৱহাৰ নকৰিব। ই ছুলিৰ ক্ষতি কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং