কাৰাটে খেলুৱৈৰ ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া, লাভ কৰিলে ব্লেক বেল্ট!

0
177

কাৰাটে খেলুৱৈৰ ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া। প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ কাৰাটেৰ পোছাক পিন্ধি খেল পথাৰত নামিছে বিধায়িকা সুমন হৰিপ্ৰিয়াই। ছেনছেই দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত হাজোত কাৰাটেৰ বেল্টৰ পৰীক্ষাৰ সামৰণি।

আত্মৰক্ষাৰ খেলত সুমন হৰিপ্ৰিয়াৰ চমৎকাৰ! ইউনিভৰ্চেল কাৰাটে ডো ফেডেৰেশ্যনৰ মুৰব্বী তথা আন্তঃৰাষ্ট্ৰীয় পদক প্ৰাপ্ত খেলুৱৈ লগতে সাংবাদিক ছেনছেই দিপাংকৰ মজুমদাৰক ধাৰাশায়ী কৰি বগৰাই দিছে বিধায়িকা সুমন হৰিপ্ৰিয়াই।

Universal Karate Do Federation of India অসমৰ উদ্যোগত এই বৰ্ষৰ ৰঙীণ বেল্টৰ পৰীক্ষা অনুষ্ঠিত হ’য়। হাজো সুৰেণ দাস মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা পৰীক্ষাত কামৰূপ জিলাৰ বিভিন্ন ক্লাবৰ ১৯৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিক সন্মান জনাই মানপত্ৰ আৰু ব্লেক বেল্ট প্ৰদান কৰে ছেনছেই দিপাংকৰ মজুমদাৰে।

Photo Credit: @mridulpritomdekaa