
প্ৰেমেই কাল হ’ল এজন যুৱকৰ। বিবাহিতা প্ৰেমিকাৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছিল যুৱকজন। কিন্তু সময়ৰ লগত যুৱকজনৰ পৰা ক্ৰমে আঁতৰি গৈছিল প্ৰেমিকা বোৱাৰী।
এই কথা সহ্য কৰিব নোৱাৰি যুৱকজনে নিজ ঘৰতেই চিপ লৈ আত্মহত্যা কৰে। এই ঘটনা সংঘটিত হয় পানীপত গাঁৱৰ বৰসতা ৰোডত।
৫ মাহৰ পূৰ্বে মহিলাগৰাকীক ফেচবুকত লগ পাইছিল যুৱকজনে। দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। লাহে লহে এই ভালপোৱাই প্ৰেমলৈ পৰিৱৰ্তিত হ’ল। ইয়াৰ পাছত দুয়োৱে লিভ ইন ৰিলেশ্যনশ্বিপত আছিল।
মহিলাগৰাকীয়ে প্ৰেমিকজনক বিয়াৰ প্ৰলোভন দিছিল বুলি জানিব পৰা দিছে।মৃত প্ৰেমিকজনৰ নাম প্ৰবীন বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে।
সম্প্ৰতি যুৱকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ইফালে মৃতকৰ পৰিয়ালে মহিলাগৰাকীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে।
আৰু পঢ়ক : অগপত মোক্ষম আঘাত দি দুই শীৰ্ষ নেতাৰ দল ত্যাগ