তিনিচুকীয়াত কটাৰীৰে ডিঙি ৰেপি যুৱতীৰ আত্মহত্যা

যুৱতীগৰাকীৰ ঘৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং হাৱাই পথাৰত

0
67

তিনিচুকীয়া জিলাৰ লেখাপানীত চাঞ্চল্যকৰ ঘটনা। কলম কটাৰীৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে এগৰাকী যুৱতীয়ে । যুৱতীগৰাকীৰ ঘৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং হাৱাই পথাৰত। যুৱতীগৰাকী চন্দ্ৰ বীৰ তামাঙৰ কন্যা যমুনা তামাং(৩২) ।

জানিব পৰা মতে যুৱতী গৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল। কালি পুৱতি নিশা ঘৰৰ ওচৰৰ এখন হাবিত কলম কটাৰীৰে ডিঙি কাটি আত্মহত্যা কৰে । বৰ্তমান লেখাপানী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

Input: Anil Sharma

Photo: USA Today