32 C
Guwahati
Sunday, September 19, 2021
More

    হৃদয় বিদাৰক! পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি বিহ পান কৰি আত্মহত্যা মাতৃৃৰ

    হৃদয় বিদাৰক! পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি বিহ পান কৰি আত্মহত্যা মাতৃৃৰ

    শিৱসাগৰ জিলাৰ আমগুৰিত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । যিটো ঘটনা শুনিবলৈ হয়টো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আমগুৰিৰ চিন্তামণি গড়ত নিজ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ দৰে পথ বাচি ল’লে মাতৃয়ে |

    ঘটনাৰ বিৱৰণী অনুসৰি এহাল পাষাণ পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনত আত্মহননৰ পথ বাচি ল’লে আমগুৰিৰ চিন্তামণি গড় অঞ্চলৰ হাচনা বেগম নামৰ এগৰাকী মহিলাই |

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আমগুৰিৰ চিন্তামণি গড় অঞ্চলৰ হাচনা বেগম নামৰ মহিলা গৰাকীৰ একমাত্ৰ পুত্ৰ দুলুমণি আলি আৰু বোৱাৰীয়ে দীৰ্ঘদিন ধৰি মানসিক, শাৰীৰিক নিৰ্যাতন চলাই অহাত অৱশেষত মাতৃয়ে কীটনাশক ঔষধ খায় আত্মহনৰ পথ বাচি লয়।

    উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে | ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে |

    ইনপুট: জিয়াৰুদ্দিন আহমেদ

    আৰু পঢ়ক : পুনৰ ৰাজ্য জোকাৰি গল এক মৃদু ভূইকঁপে, অভিকেন্দ্ৰ গোৱালপাৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং