28 C
Guwahati
Saturday, October 1, 2022
More

    পেৰা পাৱাৰলিফটিঙত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে সুধীৰে

    বাৰ্মিংহাম কমনৱেলথ গেমছত বৃহস্পতিবাৰে পেৰা পাৱাৰলিফটিং ইভেণ্টৰ পুৰুষৰ হেভিৱেট ফাইনেলত অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে সোণৰ পদক লাভ কৰি ইতিহাস ৰচিছে ভাৰতৰ সুধীৰে।

    কমনৱেলথ গেমছৰ পেৰা পাৱাৰলিফটিং ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈত পৰিণথ হৈছে সুধীৰ।

    তেওঁ দ্বিতীয় প্ৰচেষ্টাত ২১২ কেজি উত্তোলন কৰি অভিলেখ সংখ্যক ১৩৪.৫ স্ক’ৰেৰে সোণৰ পদক লাভ কৰে।

    নাইজেৰিয়াৰ ইকেচুকু ক্ৰিষ্টিয়ান উবিচুকুৱে ১৩৩.৬ পইণ্টেৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে স্কটলেণ্ডৰ মিকি ইউলে ১৩০.৯ পইণ্টেৰে ব্ৰঞ্জৰ পদক দখল কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং