খেতিয়কৰ সাফল্য- লণ্ডলনৈ ৰপ্তানী অসমৰ উৰহী…
খেতিয়কৰ সাফল্য- লণ্ডলনৈ ৰপ্তানী অসমৰ উৰহী। দৰঙৰ কৃষকৰ এই সাফল্য। লণ্ডনলৈ ৰপ্তানী হল খাৰুপেটীয়াৰ উৰহী।
কৃষকসকলে পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ অৱস্থাৰ মাজতে দৰঙৰ কৃষি প্ৰধান অঞ্চল খাৰুপেটীয়াৰ কৃষকে লণ্ডনলৈ পাচলি ৰপ্তানী কৰাৰ বাতৰিয়ে অঞ্চলটোৰ কৃষকসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে।
দৰঙৰ খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ এচাম শিক্ষিত যুৱ খেতিয়কৰ প্ৰচেষ্টাত সেউজমূখী এগ্ৰো প্ৰডিউচাৰ নামেৰে প্ৰতিষ্ঠা লাভ কৰা এটা প্ৰতিষ্ঠানে কালি লণ্ডনলৈ ৰপ্তানী কৰে ১ টন উৰহী৷
সতেজ পাচলি ৰপ্তানী কৰা প্ৰতিষ্ঠান ‘কিয়াগা’ৰ জৰিয়তে কালি গুৱাহাটীৰ পৰা বিমানযোগে প্ৰথমবাৰৰ বাবে খাৰুপেটীয়াৰ পৰা উন্নতজাতৰ উৰহী ৰপ্তানী কৰে লণ্ডনলৈ৷ খাৰুপেটীয়াৰ ওচৰৰ বিহুদিয়া গাঁওখনৰ উৎপাদিত ওৰহী লণ্ডনলৈ ৰপ্তানী কৰি যথেষ্ট আনন্দিত সেউজমূখী এগ্ৰো প্ৰডিওচাৰ নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক হবিবুৰ ৰহমান৷

বিহুদিয়া গাঁওখনত অত্যাধুনিক কৃষি পদ্ধতিৰে অতি উন্নত মানৰ পাচলি উৎপাদন কৰি অসম চৰকাৰৰ পৰা কেইবাবাৰো শ্ৰেষ্ঠ কৃষকৰ সন্মান পোৱা হবিবুৰে জনাই লণ্ডনৰ বজাৰত উৰহীৰ যথেষ্ট চাহিদা আছে৷ তাৰোপৰি বিশেষ জাতৰ পানীলাউ আৰু চালকোমোৰা আৰু জিকা লণ্ডনৰ লগতে ডুবাইলৈ পঠিয়াবলৈ চুক্তি সম্পন্ন হৈছে৷
বৰ্তমান উৎপাদনস্থলীত কৃষকে পাচলিৰ মূল্য নোপোৱাৰ বিপৰীতে উন্নতমানৰ পাচলি বিদেশলৈ ভাল মূল্যত পঠিয়াবলৈ সুযোগ পাই যথেষ্ট উৎসাহিত হবিবুৰ ৰহমান৷
অঞ্চলটোৰ আদৰ্শ যুৱ খেতিয়কজনে কলে তেওঁৰ এনে সাফল্যৰ লগতে বিভিন্ন পৰামৰ্শৰে সহায় কৰা কৃষি বিভাগৰ সঞ্চালক তিৰংগ ভাৰতীয় বৰা আৰু বানিজ্য আৰু উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়াৰ যথেষ্ট অৱদান আছে৷
পাচলি বজাৰত মধ্যভোগীৰ দপদপনিৰ মাজতে হবিবুৰৰ আদৰ্শৰে জিলাখনৰ আন খেতিয়ক সকলে উন্নত কৃষিকৰ্মৰ জৰিয়তে ভৱিষ্যতে যথেষ্ট অৰ্থনৈতিক ভাৱে লাভৱান হব পাৰিব বুলি আশা কৰিব পাৰি।
Input and Photo- Riki Das
আৰু পঢ়ক : পুনৰ এনকাউণ্টাৰৰ ঘটনা ৰাজ্যত, ভৰিত গুলি লাগি আহত এজন…