ধৰ্ষিতা নাবালিকাৰ সৈতে মোবাইলত অশালীন বাৰ্তালাপ কৰা উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ

0
550

কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ থানাৰ উপ-পৰিদৰ্শক তথা ছেকেণ্ড অ’চি ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ সৈতে মোবাইলত অশালীন বাৰ্তালাপ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় নাথক।

এই সন্দৰ্ভত নাবালিকাৰ পৰিয়ালৰ লোকে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাষত অভিযোগ দাখিল কৰিছিল। অভিযোগ‌ পোৱাৰ পিছত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে তেওঁক ৰামকৃষ্ণ নগৰৰ‌ পৰা জিলা সদৰত মাতি নিয়ে আৰু গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত আদালতৰ নিৰ্দেশত উপ-পৰিদৰ্শক নাথক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ ঘটনাটোৰ তদন্তকাৰী বিষয়া আছিল উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথ।

ইনপুট : মনোজ মোহান্তি