পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবেই শিক্ষকক গছত বান্ধি প্ৰহাৰ কৰিলে ছাত্ৰই! ভাইৰেল হ’ল ভিডিঅ’

0
427

পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবেই শিক্ষকক গছত বান্ধি প্ৰহাৰ কৰিলে ছাত্ৰই! ভাইৰেল হ’ল ভিডিঅ’

ঝাৰখণ্ডত শিক্ষা সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। প্ৰেক্টিকেলত নম্বৰ কম পোৱাৰ বাবেই শিক্ষকক বান্ধি থ’লে শিক্ষকক।

জানিব পৰা মতে ঝাৰখণ্ডৰ টুমকাৰ এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে প্ৰেক্টিকেলৰ পৰীক্ষীত কম নম্বৰ পাই ফেইল কৰিলে।

শ্ৰেণীটোৰ মুঠ ১০ জন ছাত্ৰই বিফল হৈছিল।বিফল হোৱাৰ বাবে শিক্ষকজনে সেই ১০ জন ছাত্ৰক প্ৰহাৰ কৰিছিল। সেই কথাটোতে খঙ উঠাত ছাত্ৰকেইজনে মিলি শিক্ষকজনক বিদ্যালয়ৰে এজোপা গছত বন্ধি বেয়াকৈ প্ৰহাৰ কৰে।

ছাত্ৰ কেইজনে কয় যে শিক্ষকজনে তেওঁলোকক পৰীক্ষাত কম নম্বৰ দি তেওঁলোকৰ জীৱন ধ্বংস কৰিলে। সেয়ে তেওঁলোকে শিক্ষক জনক এই শিক্ষা দিছে।

শিক্ষকজনক গছত বান্ধি থোৱা ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। শিক্ষক জনৰ লগত এনে কৰ্ম কৰা ছাত্ৰ সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি শিক্ষা বিষয়া সকলে জানিবলৈ দিছে।