19 C
Guwahati
Wednesday, December 1, 2021
More

    বিদ্যালয়ত ছাত্ৰক শিক্ষকে গাড়ী ধুবলৈ দিয়াক কেন্দ্ৰ কৰি বিতৰ্ক

    বিদ্যালয়ত ছাত্ৰক শিক্ষকে গাড়ী ধুবলৈ দিয়াক কেন্দ্ৰ কৰি বিতৰ্ক

    উত্তৰ প্ৰদেশৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন ছাত্ৰই শিক্ষকৰ বাহন চাফা কৰি থকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    এই ঘটনাটো সামাজিক মাধ্যমত চৰ্চিত হোৱাৰ পাছতে বিষয়টো সন্দৰ্ভত জিলাখনৰ প্ৰাথমিক শিক্ষা বিষয়াই গুৰুত্ব প্ৰদান কৰিছে।

    জিলাখনৰ শিক্ষা বিষয়া অখণ্ড প্ৰতাপ সিঙে বিষয়টোক গুৰুত্ব সহকাৰে তেওঁ গ্ৰহণ কৰি অনুসন্ধানৰ নিৰ্দেশ দিছে বুলি কয়।

    উত্তৰ প্ৰদেশৰ ফৰিদপুৰ গাঁৱত এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

    ভিডিঅ’টোত ছাত্ৰ এজনক শিক্ষক এজনৰ এখন বাহন বিদ্যালয়ত চাৰ্ফ-চাবোন পানীৰে ধুই থকা দেখা গৈছে।

    একাংশ লোকে ছাত্ৰজনে শিক্ষকজনৰ গাড়ীখন ধুই থকা সন্দৰ্ভত বিদ্যালয়লৈ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিবলৈহে আহে শিক্ষকৰ গাড়ী ধুবলৈ নহয় বুলি মত প্ৰকাশ কৰে।

    আৰু পঢ়ক : অসমত তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়া ১৪ জন লোকক জামিন প্ৰদান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং