বিদ্যালয়ৰ দেৱাল ভাঙি ছাত্ৰৰ মৃত্যুক লৈ আৰক্ষীৰে সংঘাত শিক্ষাৰ্থীৰ; ৭জন আৰক্ষী আহত

0
253
প্ৰতিনিধিত্বমূলক চিত্ৰ

পশ্চিম বংগৰ মালদা জিলাত বৃহস্পতিবাৰে এখন বিদ্যালয়ৰ দেৱাল ভাঙি এজন ১৭ বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে তেওঁৰ এজন বন্ধু আহত হোৱাক কেন্দ্ৰ কৰি শিক্ষাৰ্থী আৰু আৰক্ষীৰ মাজত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়।

বিষয়াসকলে জনোৱা মতে, এই সংঘৰ্ষত ৭ জন আৰক্ষী আহত হোৱাৰ বিপৰীতে সংঘৰ্ষত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জিলা বিষয়া নীতিন সিংহানিয়াই জনোৱা মতে, দ্বিতীয় কালিয়াচক ব্লকৰ বংগীতোলাস্থিত বিদ্যালয়খনৰ এটা শৌচাগাৰৰ দেৱাল ভাঙি জীশান শ্বেইখ (১৭) নামৰ এজন ছাত্ৰৰ মৃত্যু হয়। শ্বেইখৰ বন্ধু মমিন আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দুয়োজন কিশোৰ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল। সিংহানিয়াই কয় যে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইফালে, ঘটনাৰ তদন্ত কৰিবলৈ অতিৰিক্ত জিলা দণ্ডাধীশ ছাম্পা হাজৰাৰ অধ্যক্ষতাত পাঁচজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে বুলিও তেওঁ কয়।

আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ যাদৱে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় য’ত ৭জন আৰক্ষী আহত হয়।

যাদৱে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।