
আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। পুৱা ১০ বজাৰ পৰা চলিছে ভোটদান প্ৰক্ৰিয়া। পূৰ্বৰ দৰেই সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীৰ মাজত এইবাৰো মূল যুঁজ হোৱাৰ সম্ভাৱনা।
বুধবাৰে বিয়লি ভাগত প্ৰকাশ পাব বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে ৩গৰাকীকৈ প্ৰাৰ্থীয়ে আগবঢাইছে প্ৰতিদ্বন্দ্বিতা। মুঠ ১৪টা পদৰ বাবে হৈ আছে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। উপ-সভাপতি পদত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী।