বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা ! পৰীক্ষাৰ কেন্দ্ৰই কেন্দ্ৰই শিক্ষাৰ্থীৰ হাহাকাৰ

0
50

বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা ! পৰীক্ষাৰ কেন্দ্ৰই কেন্দ্ৰই শিক্ষাৰ্থীৰ হাহাকাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা বাতিল হোৱাৰ পিছত এতিয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছেবাৰ এই হঠকাৰী সিদ্ধান্তৰ পিছত হতাশ হৈ পৰে ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী।

নিশা সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা হৈছিল যদিও বিভিন্ন পৰীক্ষা কেন্দ্ৰত পুৱাই ছাত্ৰ ছাত্ৰী সকলক পৰীক্ষা দিবলৈ আহে। কিন্তু পৰীক্ষা দিবলৈ আহিহে তেওঁলোকে জানিব পাৰিছে যে আজি হ’ব লগীয়া বিজ্ঞানৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে।

বহু শিক্ষাৰ্থীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে পৰীক্ষা বাতিল হোৱাৰ কথা গম পোৱা নাছিলে। আনহাতে একাংশই কয় যে পৰীক্ষা বাতিলৰ কথা জানিব পাৰিছিল যদিও ভুৱা বাতৰি বুলি পৰীক্ষা দিবলৈ আহিছিল।

বিজ্ঞানৰ পৰীক্ষা বাতিলৰ পিছত এতিয়া পৰীক্ষাৰ্থী আৰু অভিভাৱক সকলে ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। একাংশ পৰীক্ষাৰ্থীয়ে বিভিন্ন স্থানত থকা কেন্দ্ৰ সমুহত পৰীক্ষা দিবলৈ আহি ওভতি যাবলগীয়া হৈছে ৷

বহু অভিভাৱকে অভিযোগ কৰিছে যে এখন জাননী লগাই দিলেই ছেবাৰ সকলো দায়িত্ব শেষ হৈ নাযায়। শিক্ষামন্ত্ৰীৰ বাবে এইয়া এক দুৰ্ভাগ্যৰ বিষয় বুলিও একাংশ অভাভাৱকে কয়। এই সন্দৰ্ভত উচিত তদন্ত দাবী কৰিছে অভিভাৱকয়ে ।