সৰস্বতী পূজাৰ দিনাই অঘটন, পূজা চাবলৈ গৈ প্ৰাণ হেৰুৱালে ছাত্ৰই

0
16114
সৰস্বতী পূজাৰ দিনাই অঘটন, পূজা চাবলৈ গৈ প্ৰাণ হেৰুৱালে ছাত্ৰই

সৰস্বতী পূজাৰ দিনাই অঘটন, পূজা চাবলৈ গৈ প্ৰাণ হেৰুৱালে ছাত্ৰই

সৰস্বতী পূজাৰ দিনাই এক কৰুণ ঘটনা। পূজা চাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰই। কলেজৰ সমুখতে কৰুণভাৱে মৃত্যুক সাৱটি ললে ছাত্ৰই।

আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় আন দুগৰাকী ছাত্ৰ। ইয়াৰে এগৰাকীৰ অৱস্থা অতিকে সংকটজনক।

মুকালমুৱাৰ বামুনবড়ীত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল।

ৰাজপথত টায়াৰ জ্বলাই উত্তপ্ত কৰি তুলিলে শ শ ৰাইজৰ লগতে কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে। যাৰ ফলত বন্ধ হৈ পৰিছে হাজো -দৌলাশাল পথ।

তীব্ৰ বেগী ডাম্পাৰৰ দৌৰাত্ম্যত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱালে সত্যজীৎ নাথ নামৰ এগৰাকী ছাত্ৰই।

আনহাতে গুৰুতৰভাৱে আহত ৰাহুল নাথ আৰু চম্পক নাথ নামৰ দুজন যুৱক। ইয়াৰে ৰাহুল নাথ নামৰ যুৱকজনক সংকটজনক অৱস্থাত জি এম চি এইছলৈ প্ৰেৰণ ।

তিনিওগাৰকী যুৱকে দৌলাশালৰ পৰা বাইকেৰে কলেজলৈ বুলি গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত। কলেজৰ সমুখতে সংঘটিত হয় এই ঘটনা।

পৰিস্থিতি বৰ্তমানলৈ নিয়ন্ত্ৰণলৈ অহা নাই। আৰক্ষীয়ে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

আৰু পঢ়ক : পুৱাই ৫.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, কঁপাই গ’ল বহু অঞ্চল