
নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালন্দা পাব্লিক স্কুলত অঘটন। বিদ্যালয়ৰ ভিতৰতে সহপাঠীয়ে গতিয়াই মূৰ ফালিলে ৭ বছৰীয়া ক্লাছ ওৱানৰ ছাত্ৰ ধৃতিষ্মানক। মূৰত পৰিল পাঁচটাকৈ চিলাই।
বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অনিল চক্ৰৱৰ্তী আৰু ৰীনা চক্ৰৱৰ্তীৰ একমাত্ৰ সন্তান ধৃতিষ্মানৰ ওপৰত সহপাঠীয়ে চলোৱা এনে ঘটনাক গৰিহণা দিছে সচেতন ৰাইজে।
উল্লেখযোগ্য যে পূৰ্বতেও বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে বিভিন্ন ঘটনা সংঘটিত হৈছিল অনা অসমীয়াৰ ৰাজত্বত থকা এইখন বিদ্যালয়ত।