
মৰাণত ভয়ংকৰ ঘটনা ! অন্তঃসত্ত্বা শিক্ষয়িত্ৰীক দলবদ্ধ আক্ৰমণ উদণ্ড ছাত্ৰৰ
মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ছাত্ৰৰ উদ্ভণ্ডালিত আহত পাঁচ মহীয়া অন্তঃসত্ত্বা শিক্ষয়ত্ৰী। অভিভাৱকক অভিযোগ দিয়াৰ বাবেই এই আক্ৰমণ
ছাত্ৰৰ। ২২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। দৰাচলতে ছাত্ৰকেইজনে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে অভিভাৱকক বিদ্যালয় কৰ্তৃপক্ষই
অভিযোগ দিছিলে। ফলত ছাত্ৰসকলৰ দলবদ্ধ আক্ৰমণৰ বলি হয় শিক্ষয়ত্ৰী গৰাকী।আক্ৰমণত বিদ্যালয়ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰ সহযোগত প্ৰাণ ৰক্ষা পৰে শিক্ষয়ত্ৰী গৰাকীৰ। অংকুশ সিং
নামৰ এজন ছাত্ৰৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। ছাত্ৰ কেইজন নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ আছিলে।