উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতীৰ ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী, লাখ টকা উপাৰ্জন। নিজৰ লগতে অন্যকো দেখুৱাইছে উপাৰ্জনৰ পথ।
বৰপেটাৰ সৰ্থেবাৰী কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই এইবাৰো দুবিঘা মাটিত কৰিছে ষ্ট্ৰবেৰীৰ খেতি । ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে কৃষক দম্পতীয়ে । অসমত এতিয়া ষ্ট্ৰবেৰীৰ খেতি হৈ পৰিছে আশাৰ কিৰণ ।

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে মাত্ৰ দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি এতিয়া তিনিলাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে। প্ৰায় দুবিঘা মাটিত ছয় হাজাৰ জোপা ষ্ট্ৰবেৰীৰ পুলি লগাইছে।

মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা লাভ কৰা পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ পৰা লাভ কৰিছে ষ্ট্ৰবেৰীৰ পুলিবোৰ । দুবিঘা মাটিত ষ্ট্ৰবেৰী ৰোপণ কৰাৰ নামত খৰচ হৈছিল ২৫ হাজাৰ টকা । ইতিমধ্যে বজাৰত বিক্ৰী কৰিবলৈ লৈছে ষ্ট্ৰবেৰীবোৰ ।
আশা কৰা ধৰণে বিক্ৰী হৈছে ষ্ট্ৰবেৰী বৰপেটা, নলবাৰী, বজালীকে ধৰি বিভিন্ন বজাৰৰ লগতে ঘৰৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিছে ষ্ট্ৰবেৰী ।
আৰু পঢ়ক : নিৰ্বাচনী ষ্টাণ্ট! এম্বুলেঞ্চ চলোৱাত ধৰিল এইবাৰ বিধায়িকা নন্দিতা দাস