28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এইখন দেশৰ লোক সকলোতকৈ সুস্বাস্থ্যবান আৰু আয়ুস বেছিঃ কিন্তু কিয়…..

    বৰ্তমন দিনত প্ৰত্যেকজন মানুহৰ গড় আয়ুস তেনেই কম বুলি কোৱাৰ পাছতে আজি আমি জানো আহক এনেকুৱা এখন ঠাইৰ কথা। যিখন ঠাইত বাস কৰা লোক সকলোতকৈ বেছি স্বাস্থ্যবান আৰু আয়ুস বেছি।

    জাপানক সকলোতকৈ স্বাস্থ্যকৰ ঠাই বুলি কোৱা হয়। জাপানৰ লোকসকলক নিৰোগী লোক বুলিও কয়।

    ২০২০ চনৰ ১২ ফেব্ৰুৱাৰীত এগৰাকী ১১২ বছৰীয়া লোক চিত্তেসু ৱতনবে গিনিছ বুকত অভিলেখ স্থাপন কৰিছে।কিন্তু পৰৱৰ্তী সময়ত ২৩ ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰে বৃদ্ধজনে।

    জাপানৰ মহিলাৰ গড় আয়ুস ৮৬ বছৰ আৰু পুৰুষৰ ৮০ ৰ ওচৰা ওচৰি হয়।ইয়াৰ অনুপাতে ভাৰতৰ লোকৰ গড় আয়ুস ৬৯ বছৰ।

    জাপানীজ লোকসকলে ভোক লাগিলেও কেতিয়াও পেট ভৰাই নাখায়। পেট ভৰাৰ পূৰ্বতে তেওঁলোকে খাদ্য খোৱা বন্ধ কৰি দিয়ে।

    জাপানীজ লোকে প্লেটত খাদ্য কমকৈ লয় আৰু লাহে লাহে খাদ্য গ্ৰহণ কৰে। তেওঁলোকে খোৱাৰ সময়ত মোবাইল, টিভি নাচায় খাদ্যতে মনোনিৱেশ কৰে। তেওঁলোকে শ্বপষ্টিকে খাদ্য খোৱাৰ বাবে খাদ্য খোৱাৰ প্ৰক্ৰিয়া লেহেমীয়া হয়।

    জাপানীজ লোকে চাহ খাই বহুত ভাল পায়। তেওঁলোকে বেছিভাগ গ্ৰীণ টী সেৱন কৰে।

    জাপানীজ লোকে খুব বেছি খোজ কাঢ়ে। তেওঁলোকৰ শিশুৰ পৰা বৃদ্ধলৈ বেছি খোজ কঢ়াটোক প্ৰাধান্য দিয়ে।

    আৰু পঢ়ক : ৰাজ্যত কটকটীয়া আইনী ব্যৱস্থাঃ “নাৰীৰ মৰ্যদা হানি কৰিলেই ফাঁচীকাঠত ওলমিব লাগিব” সৰ্বানন্দ সোণোৱাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং