
”ৰাজনীতিৰ পৰা আঁতৰি থাকক, পাঠানৰ নাম সলনি হ’ব লাগে’’ ‘পাঠান’ৰ সফলতাৰ পাছতে সকিয়নী দিলে কংগনা ৰাণাৱটে, কিন্তু কিয় ক’লে তেওঁ এনেকৈ…পুনৰ টুইটাৰলৈ উভটি আহিছে কংগনা ৰানাৱট।
ইটোৰ পাছত সিটোকৈ টুইট কৰি শিৰোনামাত আছে ‘কুইন’। শেহতীয়া টুইটৰ জৰিয়তে কংগনাই যোৱা দহ বছৰৰ ভিতৰত ‘পাঠান’ক শ্ৰেষ্ঠ ছবি বুলি মতামত প্ৰকাশ কৰিছে।
কিন্তু একে সময়তে তেওঁ বলীউডক আক্ৰমণ কৰিবলৈও এৰা নাই।তেওঁ টুইট কৰি কয় যে, ‘বলিউডৰ লোকসকল! মই আপোনালোকক কওঁ, আপোনালোকৰ তত্ত্ববোৰ নিজৰ মাজতে ৰাখক। আপোনাৰ ছবিখন হিট, সেইটো বৰ ভাল।
সুখী হৈ থাকক যদি মই আপোনালোকক ক্লাছ ল’বলৈ আৰম্ভ কৰো, তেন্তে কথা বৰ ভাল নহ’ব। ৰাজনীতিৰ পৰা আঁতৰি থাকক। ”শুকুৰবাৰে কংগনাই ‘পাঠান’ৰ নাম সলনি কৰিবলৈও দাবী জনায়।
তেওঁ ইয়াকো কয় যে, “৮০ শতাংশ হিন্দু ভাৰতত বাস কৰে। ছবিখনৰ নাম কেৱল ‘পাঠান’ কিয়? নামটো হ’ব লাগে ‘ভাৰতীয় পাঠান’।
এই ছবিখনত শত্ৰু দেশ পাকিস্তান আৰু পাক চোৰাংচোৱা সংস্থাৰ ইতিবাচক দিশবোৰ দেখুওৱা হৈছে। ঘৃণাক অতিক্ৰম কৰা ভাৰতৰ এই মনোভাৱেই ইয়াক মহান কৰি তোলে।”