আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ! দ্বিতীয় দিশপুৰত পৰিণত হৈছে শিলচৰ

0
64

আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ! দ্বিতীয় দিশপুৰত পৰিণত হৈছে শিলচৰ

আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত হ’ব বৈঠক। কেবিনেট বৈঠক উপলক্ষে সজাই তোলা হৈছে শিলচৰ চহৰ। পোন প্ৰথমবাৰৰ বাবে কাছাৰ জিলাত অনুষ্ঠিত হ’বলৈ গৈ আছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ।

বৈঠকত বৰাক উপত্যকাক লৈ ঘোষণা হ’ব পাৰে নতুন আঁচনি।কেবিনেট বৈঠকক লৈ শিলচৰত ব্যাপক নিৰাপত্তা দেখিবলৈ পোৱা গৈছে।সোমবাৰে নিশা শিলচৰৰ আৱৰ্ত ভৱনত কটোৱাৰ পাছত মঙলবাৰে পুৱা ৰংগিৰখালৰ দেৱাল স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে ।

এই কাৰ্যসূচীৰ পাছত কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ব কেবিনেট বৈঠক খন । পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব এই কেবিনেট বৈঠক। আনহাতে সকলো কেবিনেট মন্ত্ৰী বৰ্তমাৰন শিলচৰত উপস্থিত হৈছে গৈ।

শিলচৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুস্থিত হ’ব এই বৈঠক। ইয়াৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ন ৰূপত গঢ়ি তোলা হৈছে উপায়ুক্ত কাৰ্যালয় আৰু আৱৰ্ত ভৱন।