33 C
Guwahati
Monday, September 26, 2022
More

    ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! পূজাৰ বাবেই আগতীয়াকৈ পাব…

    ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! পূজাৰ বাবেই আগতীয়াকৈ পাব…

    সমাগত দুৰ্গা পূজা। পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলক চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    উল্লেখ্য যে চলিত বৰ্ষৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অহা ২ অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয় সমূহ বন্ধ থাকিব।

    সেয়েহে পূজা উদযাপনত অসুবিধা নহ’বৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলক দৰমহা অহা ২৯ ছেপ্টম্বৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে। কৰ্মচাৰী সকলৰ ভাল কামৰ প্ৰতি সহাৰি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

    আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট কৰি ভাল খবৰ দিছে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীক। কৰ্মচাৰী সকলে যাতে পৰিয়ালৰ লগত ভালকৈ উদযাপন কৰিব পাৰে তাৰ বাবেই এই সিদ্ধান্ত লৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং