24 C
Guwahati
Saturday, September 18, 2021
More

    পূৰ্বে আছিল জনপ্ৰিয় অভিনেতা, এতিয়া এগৰাকী সুন্দৰী অভিনেত্ৰী হিচাপে কাম কৰাৰ হেপাঁহ…ইতিমধ্যে নতুন ৰূপত পাইছে কাম

    পূৰ্বে আছিল জনপ্ৰিয় অভিনেতা, এতিয়া এগৰাকী সুন্দৰী অভিনেত্ৰী হিচাপে কাম কৰাৰ হেপাঁহ…ইতিমধ্যে নতুন ৰূপত পাইছে কাম

    বিশ্বৰ এতিয়া কিছু কিছু ঠাইত জনপ্ৰিয় হৈ উঠিছে এনে এক প্ৰতিবাদ, যি প্ৰতিবাদ নিজৰ বাবে। নিজৰ পছন্দৰ ওপৰত। নিজে কি বিচাৰে সেয়া নিজে সিদ্ধান্ত কৰিব। জন্মগত ভাৱে পোৱা নিজৰ শৰীৰটো পছন্দ নহবও পাৰে। তাকেই এইবাৰ আকৌ প্ৰমাণ কৰিলে আন এগৰাকী হলীউড অভিনেতাই।

    জন্ম হৈছিল ল’ৰা হিচাপে। জনপ্ৰিয়ও হয় এগৰাকী অভিনেতা হিচাপে। পিছে মনৰ ভিতৰত থকা এগৰাকী ছোৱালীৰ হোৱাৰ সপোন শেষত বাস্তবায়িত কৰিলে। লিংগ পৰিৱৰ্তন কৰি নিজকে ছোৱালী হিচাপে প্ৰতিষ্ঠা কৰে সকলোৰে আগত। অভিনেতা গৰাকী হৈছে আমেৰিকা নিবাসী টমী ডৰ্ফমেন (Tommy Dorfman)

    টাইম মেগাজিনত এক সাক্ষাৎকাৰত টমীয়ে জনাই যে, তেওঁ নিজকে এতিয়া এগৰাকী সুন্দৰী যুৱতী বুলি গণ্য কৰিছে । গতিকে অন্য সকলেও তেওঁক তেনেদৰেই গ্ৰহণ কৰাটো বিচাৰে। সেয়ে লগতে কয়, এতিয়াৰে পৰা তেওঁক এগৰাকী যুৱতী হিচাপেই কাম অফাৰ কৰক।

    ইতিমধ্যেই টমীয়ে এগৰাকী অভিনেত্ৰী হিচাপে কাম লাভ কৰিছে। আনহাতে টমীয়ে কিন্তু অন্য সকলৰ দৰে বৰ্তমানেও নিজৰ নাম সলনি কৰা নাই । পূৰ্ৱৰ টমী নামেই ৰাখিছে। এই সন্দৰ্ভত টমীয়ে কয় যে, এই নামটো তেখেতৰ মাতৃয়ে দিয়া। মোমায়েকৰ স্মৃতিত মাতৃয়ে দিয়া নামটো টমীৰ বাবে বিশেষ। সেয়ে সদায়ে টমী হিচাপেই থাকিব বিচাৰে।

    আৰু পঢ়ক : কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকী ভূত বাংলাত পৰিণত, নাই এজনো আৰক্ষী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং