সোণাপুৰত শোকাৱহ পথ দুৰ্ঘটনা ! ট্ৰেভেলাৰৰ খুন্দাত নিহত SSB জোৱান

0
1304
প্ৰতিনিধিত্বমূলক ছবি

সোণাপুৰত শোকাৱহ পথ দুৰ্ঘটনা ! ট্ৰেভেলাৰৰ খুন্দাত নিহত SSB জোৱান

সোণাপুৰত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সোনাপুৰৰ কলেজগেটত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত প্ৰাণ গ’ল এজন SSB জোৱানৰ।

জানিব পৰা মতে জোৱান জনে এখন চাইকেলেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব বিচাৰোতেই তীব্ৰ বেগত আহি থকা ট্ৰেভেলাৰ খনে জোৱান জনক মহটিয়াই থৈ যায়।ট্ৰেভেলাৰ খনৰ নম্বৰ AS01LC 4574। দুৰ্ঘটনাটোৰ ফলত SSBৰ জোৱান জন থিতাতে নিহত হয়।

নিহত জোৱান জনৰ নাম S.Benjamin আৰু তেওঁৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে। ট্ৰেভেলাৰ খন গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী গৈ আছিলে। দুৰ্ঘটনাটো সংঘটিত কৰি ৪০জন যাত্ৰী কঢ়িয়াই অনা ট্ৰেভেলাৰ খনে সোণাপুৰৰ কচুতলি গাৱঁৰ পথেৰে পলায়ন কৰোতে গাওঁৰ এটা পুখুৰীত সোমাই যায় ।

অৱশ্যে দুৰ্ঘটনাটোৰ ফলত কথামপি প্ৰাণ ৰক্ষা পৰে ট্ৰেভেলাৰত থকা ৪০ জন যাত্ৰীৰ। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।