ভাৰতীয় মাছমৰীয়াৰ নাওঁৰ ওপৰত শিলেৰে আক্ৰমণ শ্ৰীলংকাৰ নৌসেনাৰ

0
8256
পুনৰ পাকিস্তানে জব্দ কৰিলে ৫ খন ভাৰতীয় মাছমৰীয়াৰ নাও, আটক ৩১ গৰাকী
ফটো সৌজন্য-ইণ্টাৰনেট

ভাৰতীয় মাছমৰীয়াৰ নাওঁৰ ওপৰত শিলেৰে আক্ৰমণ শ্ৰীলংকাৰ নৌসেনাৰ

শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে শিল দলিওৱাৰ ফলত ভাৰতীয় মাছমৰীয়া সকলৰ অতিকমেও ৬০ খনকৈ নাওঁ ক্ষতিগ্ৰস্ত হয়।

শনিবাৰে নিশা মাছধৰিবলৈ যোৱাৰ সময়তে ভাৰতীয় মাছমৰীয়াৰ নাওঁক উদ্দেশ্য কৰি শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে শিল নিক্ষেপ কৰে।

তামিলনাডুৰ ৰামেশ্বৰমৰ মীনপালন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ কিছুসংখ্যক জোৱানে ভাৰতীয় মাছমৰীয়া সকলৰ ২৫ নাওঁত থকা মাছ ধৰা জালৰো ক্ষতিসাধন কৰে।

কাটচাথেভূ অঞ্চলত ভাৰতীয় মাছমৰীয়া সকলে মাছ ধৰি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ এই আক্ৰমণত কোনো ভাৰতীয় মাছমৰীয়া আঘাতপ্ৰাপ্ত হোৱা নায়।

উল্লেখযোগ্য যে, তামিলনাডুৰ ভাৰত-শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাৰ ওচৰত প্ৰায়ে শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ভাৰতীয় মাছমৰীয়া সকলক আক্ৰমণ কৰি আহিছে।

আৰু পঢ়ক :  অতুল বৰা অসমৰ ইতিহাসৰ আটাইতকৈ নিকৃষ্ট কৃষি মন্ত্ৰী : সাংসদ অজিত ভূঞা