28.5 C
Guwahati
Sunday, October 17, 2021
More

    বিশ্বৰ ৯০ খন দেশৰ হিট শ্বো- সেই বিশেষ পুতলাৰ খেল

    বিশ্বৰ ৯০ খন দেশৰ হিট শ্বো- সেই বিশেষ পুতলাৰ খেল – বৰ্তমানে সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে এবিধ বিশেষ পুতলাৰ খেল থকা ৱেব ছিৰিজ। নেটফ্লিকচ অৰিজিনেল ড্ৰামাত দক্ষিণ কোৰিয়াৰ Squid Game গ্লোৱেল হিট হিচাপে পৰিগণিত হৈছে।

    ১৭ ছেপ্টেম্বৰত মুক্তি পোৱা এই Squid Game মুক্তিৰ মাথো ৩টা সপ্তাহতে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰিছে।

    সৰু লৰা ছোৱালীৰ খেল থকা এই বেৱ ছিৰিজত এক বিশেষ টুইষ্ট থকাই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি খেলত খেলৰ পৰা বাহিৰ মানেই প্ৰাণ হেৰুৱা।

    ৱেব ছিৰিজ খন পৰিচালনা কৰিছে Hwang Dong Hyuk-এ। পৰিচালকে ৱেব ছিৰিজ খনত মুঠ ৬ বিধ খেল সংযোজিত কৰিছে।

    এই খেলত অংশগ্ৰহণ কৰিছে ধাৰত বেয়াকৈ পোত গৈ থকা ৪৫৬ গৰাকী লোকে। খেলত হাৰিলে প্ৰাণ হেৰুৱা আৰু জয় হলে পুৰস্কাৰ মাননি ৪৫.৬ বিলিয়ন ডলাৰ, যি ভাৰতীয় হিচাপত প্ৰায় ৩০০ কোটি টকা।

    এই ৱেব ছিৰিজ খনত দক্ষিণ কোৰিয়াৰ বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে কাম কৰিছে। লগতে এগৰাকী ভাৰতীয় লোকেও অভিনয় কৰিছে।

    এগৰাকী পাকিস্তানী শ্ৰমিক হিচাপে এই ৱেব ছিৰিজ খনত কাম কৰিছে ভাৰতীয় অভিনেতা দিল্লী নিবাসী অনুপম ত্ৰিপাঠীয়ে। ৱেব ছিৰিজ খনত দেখুওৱা অনুসৰি পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ কৰাৰ উদ্দেশ্যে মাৰাত্মক খেলত অংশগ্ৰহণ কৰিছে।

    পৰিচালকে জনোৱা অনুসৰি এই ৱেব ছিৰিজখন নিৰ্মাণ কৰিবলৈ এখন সঠিক মঞ্চ হিচাপে গঢ়ি তুলিবলৈ প্ৰায় ১০ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।

    আৰু পঢ়ক : মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্ত্ৰীত্ব পদ যাব বুলি নিশা টোপনি অহা নাই কংগ্ৰেছৰ বিধায়কৰ, কাৰণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং