28 C
Guwahati
Sunday, December 5, 2021
More

    ‘ধিং এক্সপ্ৰেছ’ হিমা দাস ক’ভিড নিগেটিভ, মৰমৰ বাৰ্তাৰ বাবে সকলোকে ধন্যবাদ

    ‘ধিং এক্সপ্ৰেছ’ হিমা দাস ক’ভিড নিগেটিভ, মৰমৰ বাৰ্তাৰ বাবে সকলোকে ধন্যবাদ

    এসপ্তাহ পূৰ্বে কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ষ্টাৰ স্প্ৰিণ্টাৰ হিমা দাসে বৃহস্পতিবাৰে ক’ভিড মুক্ত হয়। ধিং এক্সপ্ৰেছৰূপে খ্যাত দাসে নিজেই এই কথা টুইটৰ জৰিয়তে জনায়।

    টুইটাৰত তেওঁ ক’ভিডমুক্ত বুলি জানিবলৈ দি কয় যে আপোনালোক সকলোকে মৰমৰ বাৰ্তাৰ বাবে ধন্যবাদ। ট্ৰেকলৈ উভতি যাবলৈ আৰু অপেক্ষা কৰিব নোৱাৰি। আশা কৰো সকলো সুৰক্ষিত আৰু স্বাস্থ্যৱান আছে।

    উল্লেখ্য যে ২১ বছৰীয়া হিমা দাসে যোৱা সপ্তাহত পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ উভতি অহাৰ পিছতে ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল।

    এথলেটিকছৰ বাবে নেশ্যনেল চেম্পিয়নশ্বিপ চলিত অক্টোবৰ মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হ’ব।

    ২০১৮ চনত ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত অনুৰ্ধ্ব-২০ বিশ্ব চেম্পিয়নশ্বিপত হিমা দাসে ৪০০ মিটাৰত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিছিল।

    তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ এথলেটিকছত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।

    ইয়াৰ উপৰি তেওঁ জাকাৰ্টাত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান গেমছত দুটা স্বৰ্ণ (মহিলাৰ ৪×৪০০ মিটাৰ, মিক্সড ৪×৪০০ মিটাৰ) আৰু ৰূপ (মহিলাৰ ৪০০ মিটাৰ) জিকিছিল।

    অৱশ্যে এই প্ৰতিযোগিতাৰ পিছৰে পৰা তেওঁ সময়ে সময়ে আঘাতৰ সমস্যাত ভুগে আৰু যাৰ ফলত সদ্যসমাপ্ত টকিঅ’ অলিম্পিকছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হয়।

    আৰু পঢ়ক : বয়স কেৱল মাত্ৰ ১ বছৰ, কিন্তু মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা..কেনেকৈ সম্ভৱ..!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং