
পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁও জিলাৰ ৭ বছৰীয়া কন্যা স্পৃহা বৰাই। Sony tv ৰ চুপাৰ ডেন্সৰ চেপ্টাৰ ৪ অনুষ্ঠানটিত দেখা যাব স্পৃহাক।
শ্ব’টোৰ প্ৰথম পৰ্যায়ৰ প্ৰমোশ্যনৰ পিছতে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। মৰিগাঁৱৰ নিবাসী পিতৃ জিতু বৰা আৰু মাতৃ লিপিকা বৰাৰ একমাত্ৰ কন্যা স্পৃহা বৰাক শ্ব’টোত প্ৰথম প্ৰমোশ্যনৰ ভিডিঅ’ত দেখা গৈছে।
স্পৃহাৰ এনে সুন্দৰ প্ৰতিভাক এতিয়া প্ৰশংসা কৰিছে মৰিগাঁও বাসীয়ে। সম্প্ৰতি sony টিভিৰ প্ৰথম প্ৰমোশ্যনৰ এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
আৰু পঢ়ক : অখিলক সাক্ষাৎ কৰি বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল যোগেন্দ্ৰ যাদৱ আৰু কৃষক আন্দোলনৰ নেতা ড০ সুনীলম