অদৃশ্যশক্তিৰ জোৰ, নিজে নিজে জ্বলি উঠে ঘৰৰ সা-সামগ্ৰী কেমেৰাৰ সমুখতেই জ্বলি উঠিত বিছনা-চকী

0
18101

অদৃশ্যশক্তিৰ জোৰ, নিজে নিজে জ্বলি উঠে ঘৰৰ সা-সামগ্ৰী কেমেৰাৰ সমুখতেই জ্বলি উঠিত বিছনা-চকী। গোলাঘাট জিলাৰ দেৰগাৱঁত এই অলৌকিক শক্তিৰ ঘটনা।

ঘৰখনত নিজে নিজে জ্বলি উঠিছে ঘৰৰ বিভিন্ন সা-সামগ্ৰী। দেৰগাৱঁৰ পূজাৰী চুকৰ তিনিটা পৰিয়ালৰ ঘৰত এই ঘটনা সংঘটিত হৈছে।

প্ৰথমে জ্বলিছিল বিদ্যুতৰ বৰ্ড, কিন্ত তাঁৰ অলপো জ্বলা নাই। এতিয়া জ্বলি উঠিছে অন্যান্য সামগ্ৰী। বিচনাৰ তুলি, পুতলা, চকী মেজ আদি। ঘৰৰ য’তে ত’তে জ্বলি উঠিছে যিকোনো সামগ্ৰী।

প্ৰথমে এই ঘটনা শ্বট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰিছিল পৰিয়াল কেইটাই। সেয়ে বিদ্যুৎ বিভাগৰ লোকক মাতি আনি ঠিকে আছে নে নাই সকলো তন্ন তন্নকৈ পৰীক্ষা কৰোৱাই লৈছিল।

কিন্তু তথাপি জ্বলি উঠে বৈদ্যুতিক বৰ্ড। সেয়ে ঘৰৰ বিদ্যুতৰ সংযোগ কাটি দিয়া হৈছিল। কিন্তু তাৰ পিছতো জ্বলি আছে বিভিন্ন সামগ্ৰী।

শেষত আনকি পাৰাটোৰেই বিদ্যুতৰ সংযোগ কাটি দিয়ে বিদ্যুৎ বিভাগৰ লোকে। কিন্তু তথাপি এই জ্বলি উঠা কাৰ্য ৰখাৰ নাম নাই।

মানুহ নাথাকিলেই সেই কোঠাৰ সামগ্ৰী নিজে নিজে জ্বলি উঠে। খবৰ কৰাৰ পাছত বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলো উপস্থিত হৈছে ঘটনাস্থলীত।

Input and Photo – Abhijit Bora