কেইগৰাকী নীলিমা ঠাকুৰীয়া হেৰাই গ’লে চৰকাৰে নিৰ্মাণ কৰিব যোৰহাট-মাজুলী সংযোগী দলংখন

0
1499
ফাইল ফটো

পলাশ জ্যোতি গগৈ

“আপোনালোকক কি লাগিব কওঁক। এখন দলং লাগিব, দিম। ৬০ বছৰত আপোনালোকক একো নিদিলে। আপোনালোকে মোক সেৱা কৰাৰ বাবে সুযোগ দিয়ক। মই মুক্তি দিম।” চনটো ২০১৬ আছিল। তেতিয়া চাৰিওফালে গান বাজিছিল ‘সকলোৰে আনন্দ সৰ্বানন্দ’। মাজুলীৰ জেংৰাইমুখলৈ আহিছিল দেশৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাইজক উদ্দেশ্যি ভাষণ দি এনেদৰে কৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বছৰ বছৰ ধৰি মাজুলীত এখন দলঙৰ দাবী উত্থাপন হৈ আহিছে। দুৰ্ঘটনা সংঘটিত হ’লে সেই দাবী অধিক কঠোৰ হয়। নীলিমা ঠাকুৰীয়া নামৰ মহিলাগৰাকী ব্ৰহ্মপুত্ৰৰ পানীত পৰি সন্ধানহীন হোৱাৰ ঘটনাই দলং এখন যে লাগে সেই কথা ৰাইজক পুনৰ মনত পেলাই দিছে। আন্ধাৰ ৰাতি স্বামী, পুত্ৰ আৰু কন্যাৰ সৈতে তেওঁ গুৱাহাটীৰ পৰা ঘৰ অভিমুখে গৈ আছিল। পুত্ৰৰ প্ৰায় ৪ মাহ দিন গুৱাহাটীত চিকিৎসাৰ পিছত মাজুলী অভিমুখে গৈ তেওঁলোক নিমাতী পোৱাৰ সময়ত আন্ধাৰ হৈছিল। এখন ফেৰী ভাড়া কৰি ঘৰ অভিমুখে যোৱা মহিলাগৰাকীৰ সন্ধান এতিয়াও নাই।

‘মা’ নামৰ ফেৰীখনত আছিল প্ৰায় ৬ জন লোক। আন্ধাৰৰ বাবেই ফেৰীৰ পৰা অফলামুখত নমাৰ সময়ত নীলিমা ঠাকুৰীয়াই সন্মুখত কি আছিল দেখা নাছিল। পাৰ বুলি ভাবিয়ে ঘাটত পানীত ভৰি দিছিল মহিলাগৰাকীয়ে। আৰু লগে লগে ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতে মাজুলী কলেজৰ প্ৰাক্তন অধ্যক্ষ নয়ন ঠাকুৰীয়াৰ পত্নী নীলিমা ঠাকুৰীয়াক উটুৱাই লৈ গৈছিল।

কমলাবাৰীৰ ঘৰখনত এতিয়া শোকৰ ছাঁ। সেয়া ৮ জুলাইৰ সন্ধিয়াৰ ঘটনা। আজিও তেওঁক বিচাৰি ব্ৰহ্মপুত্ৰৰ পানীত অভিযান চলাই থকা হৈছে। বৰষুণ গ’লে জাপী আৰু চোৰ গ’লে বুদ্ধি পতাৰ দৰেই এতিয়া আকৌ সকলো লোক সক্ৰিয় হৈছে। চৰ্চিত হৈছে মাজুলী-যোৰহাট সংযোগী দলঙৰ বিষয়টো। কিন্তু কোনে কাক সুধিব, কেনেকৈ ৪ বজাতে সামৰিবলগীয়া ফেৰী নিশালৈকে অবৈধভাৱে চলি আছিল?

মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপণ শৰ্মাই নিশাৰ ভাগত কাৰ অনুমতিত এই ফেৰীখন আহিল তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে। তেওঁ কয়, “যোৰহাট-মাজুলীৰ যাতায়তৰ সুবিধাৰ বাবে মাজুলীত এখন ৰৰ’ জাহাজ প্ৰদান কৰা হৈছিল। কেইদিনমান চলাৰ পাছতে জাহাজখন বিকল হৈ যায় আৰু চৰকাৰ আৰু জিলা প্ৰশাসনে এই সম্পৰ্কে কোনো কাৰ্যকৰী ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ নকৰিলে। অতি শীঘ্ৰে এই ৰৰ’ জাহাজখন চলাব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ নেতাগৰাকীয়ে।”

তেতিয়া ২০১৫ চন আছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী। আছুৰ যোৰহাট জিলা কমিটি আৰু মাজুলী মহকুমা কমিটিয়ে এখন ৰাজহুৱা সভা পাতি সকলোকে সুধিছিল, মাজুলীত দলং লাগেনে? ৰাইজৰ আহ্বানৰ পিছতে আছুৱে নেতৃত্ব লৈ এক লাখ স্বাক্ষৰ সংগ্ৰহ কৰিছিল। কেন্দ্ৰীয় চৰকাৰক সেই স্বাক্ষৰ তেওঁলোকে দিয়াৰ বাবে যো-জা চলাই দিল্লীলৈ গৈছিল।

যোৰহাট জিলা ছাত্ৰ সন্থা, মাজুলী মহকুমা ছাত্ৰ সন্থাৰ নেতৃত্বত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ লগতে ২ জন বিশিষ্ট নাগৰিক, এজন সাংবাদিককে ধৰি মুঠ ১৫ জনীয়া দল এটা দিল্লীলৈ গৈছিল।  ২০১৫ চনৰ ডিচেম্বৰৰ মাহত তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল। আছুৰ দলটোক নেতৃত্ব দিছিল সেই সময়ৰ যোৰহাট জিলা কমিটিৰ সভাপতি সূৰ্য কুমাৰ ভূঞা, সম্পাদক জোল খাউণ্ড আৰু উপ সভাপতি জিতু নেওঁগে।

The Assam Tribune Online
দলংখন আজিও নহ’ল নিৰ্মাণ।

তাৰ পিছতে নিৰ্বাচন চমু চাপি অহা দেখি যোৰহাট-মাজুলী সংযোগী দলং খনকে মূল ইছ্যু হিচাপে গ্ৰহণ কৰিছিল বিজেপিয়ে। গাডকাৰীয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখে মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত আধাৰশিলা স্থাপন কৰি ডিঙিৰ শিৰ ফুলাই ভাষণ দিছিল। সেই সময়ত শাসনত থকা দল কংগ্ৰেছক কটাক্ষ কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ বাবে চেষ্টা চলোৱা বিজেপিয়ে ৫ বছৰে দলঙৰ ডিপিআৰকে প্ৰস্তুত কৰিব নোৱাৰিলে।

কেৱল নীতিন গাডকাৰীকে নহয়, অসমৰ পৰা যোৱা দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীকো সাক্ষাৎ কৰিছিল। প্ৰতিটো শাসনলৈ অহা দলেই যোৰহাট-মাজুলী সংযোগী দলংখনৰ বিষয়টোক ৰাইজৰ মাজলৈ আনি কেৱল নিৰ্বাচনত জয়ী হোৱাৰ বাবেহে চেষ্টা চলাই আহিছে। আজিও বননীৰ মাজতে পৰি আছে গাডকাৰীয়ে স্থাপন কৰা আধাৰশিলা।

দলংখনৰ বাবেই বিভিন্ন সময়ত বহু দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে। চৰ্চা এনেদৰেও হৈছে ২০১৬ চনত চৰকাৰ গঠনৰ ক্ষেত্ৰত যোৰহাট-মাজুলী সংযোগী দলংখনৰ বাবেই মাজুলীবাসীয়ে সৰ্বানন্দ সোণোৱালক আদৰি নিছিল মাজুলীলৈ।

গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতে অসমলৈ আহি নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। আন বহু প্ৰতিশ্ৰুতিৰ লগতে কৈছিল, “আমাৰ নীতিন গাডকাৰীজি আহিছিল। চৰকাৰ আমাৰে আছে। আমি দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছো। কাৰণ আপোনালোকৰ সমস্যাবোৰ আমাৰো সমস্যা।“

আধাৰশিলা স্থাপন কৰা দিনটোৰ ছবি।

আবেগ আদায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে অসমীয়াতো দিছিল ভাষণ। আজি সেই দিন নাই। পুনৰ ৰাজনৈতিক নেতাই সাৰ পাব। প্ৰধানমন্ত্ৰীয়ে আহি কবহি, আকৌ জিকাই দিয়ক সৰ্বানন্দ সোণোৱালক। এইবাৰ ব্ৰহ্মপুত্ৰৰ পাৰত এক্সপ্ৰেছ হাই-ৱে হোৱাটো নিশ্চিত। কিন্তু প্ৰকৃতপক্ষ্যে আপুনি কি পাব সেয়া কোৱাটো কঠিন। কেইগৰাকী নীলিমা ঠাকুৰীয়া নিখোজ হোৱাৰ পাছত আপুনি যোৰহাটৰ পৰা মাজুলীলৈ নিমাতী হৈ বিজেপিয়ে নিৰ্মাণ কৰা দলঙেৰে যাবলৈ পাব তাকো চিন্তা কৰাৰ সময় সমাগত।

অন্যথা আমি কণ আৰু মনৰ সেই কাহিনীটোৰ দৰেই কিছু কাহিনী শুনিবলৈ পাম। আমি গৰুজনীৰ আগফালটো লৈ ঘাঁহ খোৱাই দিল্লী-দিছপুৰক পিছফালটো এৰি দিয়াৰ পূৰ্বে এবাৰ চিন্তা নকৰিলে জাটি, মাটি, ভেটি হেৰুৱাই নিজেই নিজৰে লটি-ঘটি কৰাৰ দৰে হ’ব পাৰে।

Photo Credit: The Indian Express