24 C
Guwahati
Friday, December 3, 2021
More

    সত্ৰৰ মাটিৰ বেদখলৰ স্বৰূপ নিৰূপনৰ বাবে প্ৰদীপ হাজৰিকাৰ নেতৃত্বত বিশেষ কমিটি গঠনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    সত্ৰৰ মাটিৰ বেদখলৰ স্বৰূপ নিৰূপনৰ বাবে প্ৰদীপ হাজৰিকাৰ নেতৃত্বত বিশেষ কমিটি গঠনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    বঙাইগাঁৱত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সত্ৰ সমূহৰ ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ কেবিনেটত সত্ৰৰ মাটি বেদখল সন্দৰ্ভত ইয়াৰ স্বৰূপ নিৰূপনৰ বাবে এখন বিশেষ কমিটি গঠন কৰি দিয়া হৈছে।

    প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটি গঠন কৰি দিয়া হৈছে।

    কমিটিখনত প্ৰদীপ হাজৰিকাৰ উপৰিও নগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াও আছে।

    এই কমিটিখনক ৰাজ্যৰ ভূমি আৰু ৰাজহ বিভাগে সহায় কৰিব আৰু এবছৰৰ পাছত কমিটিখনে সত্ৰৰ বেদখল হৈ থকা মাটি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব।

    আনহাতে, কমিটিখনৰ নেতৃত্বত থকা প্ৰদীপ হাজৰিকাই কেবিনেট মন্ত্ৰীৰ মৰ্যদা লাভ কৰাৰ বিপৰীতে ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা লাভ লাগিব।

    আৰু পঢ়ক : নগাঁৱত আটক ভুৱা চিকিৎসক, ভুল চিকিৎসাৰ ফলত দাঁত আৰু মস্তিষ্কৰ মাৰাত্মক বেমাৰত আক্ৰান্ত এজন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং