
কভিডৰ সময়ত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ ছাত্ৰ–ছাত্ৰী সকলৰ কাৰণে অসম চৰকাৰৰ বিশেষ ঘোষণা
”অমৃত মহোৎসৱৰ এই অমৃত কালৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল অমৃত সন্তান। দেশ আৰু বিশ্বজয় কৰিব লাগিব আজিৰ প্ৰজন্মই।” -আজি খানাপাৰাৰ অসম পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভাষ্য আগবঢ়ায়।
ৰাজ্যৰ ৩৫ হাজাৰ ৮০০ গৰাকী ছাত্ৰ ছাত্ৰীক আজি চৰকাৰে ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক দিয়া হয় স্কুটী।
ইয়াৰ বিপৰীতে আন এক কথা উল্লেখ কৰা হয় যে, কভিডৰ সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা নহয় স্কুটী। কিয়নো এই কভিডৰ সময়ত ছাত্ৰ ছাত্ৰী সকলক উত্তীৰ্ণ কৰাই দিয়া হৈছিল।
সেয়ে চৰকাৰে উত্তীৰ্ণ কৰাই দিয়া বাবে ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা নহয় স্কুটী।