27 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৩ বছৰীয়াৰ ওপৰত বৰ্বৰ আক্ৰমণ চুবুৰীয়াৰ, উপৰ্যুপৰি ডেগাৰেৰে ঘপিয়ালে শিশুটিক

    ১৩ বছৰীয়াৰ ওপৰত বৰ্বৰ আক্ৰমণ চুবুৰীয়াৰ, উপৰ্যুপৰি ডেগাৰেৰে ঘপিয়ালে শিশুটিক

    ১৩ বছৰীয়াৰ ওপৰত বৰ্বৰ আক্ৰমণ চুবুৰীয়াৰ, উপৰ্যুপৰি ডেগাৰেৰে ঘপিয়ালে শিশুটিক। দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। পৰিয়ালৰ মাজত লগা কাজিয়াৰ ফল ভুগিব লগা হল এটি নিস্পাপ শিশুৱে।

    তিনি পাষণ্ড যুৱকে বৰ্বৰ আক্ৰমণ চলাই ১৩ বছৰীয়া শিশুৰ ওপৰত৷ মূমুৰ্ষ অৱস্থাত ঘৰৰ ওচৰৰে মৰাপাট খেতিৰ পৰা উদ্ধাৰ কৰা হৈছে শিশুটি ৷ ততাতৈয়াকৈ হাস্পতাললৈ নি ভৰ্তি কৰায় শিশুটিক।

    তিনি পাষণ্ড যুৱকৰ আক্ৰমণৰ বলি হৈ তেজেৰে ৰাঙলী হৈ পৰা শিশুটি সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃত্যুৰ সৈতে যুঁজ দিছে।

    শিশুটি সোণতলীৰ পথালিপাৰা গাঁৱৰ মৃত সোনা মিঞাৰ পুত্ৰ ছুৰত জামাল(১২) বুলি জানিবপৰা গৈছে ৷ সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত কৰি আক্ৰমণকাৰী তিনি যুৱকৰ পলায়ন ৷

    ঘটনা সম্পৰ্কে জানিব পাৰি লগে লগে ঘটনাস্থলীত উপস্থিত হয় সোণতলী আৰক্ষী দল ৷ আক্ৰমণকাৰী নাছেৰ আলী, আমিৰ আলী আৰু আক্কেছ আলী সম্প্ৰতি পলাতক ৷

    ঘৰুৱা কোনো সত্ৰুতাৰ বাবেই এনে নিৰ্মম ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে ৰাইজে ৷ আনহাতে আক্ৰমণকাৰী তিনি যুৱকক বিচাৰি সোতলী আৰক্ষীয়ে চলাইছে অভিযান ৷

    আৰু পঢ়ক : নীলা মৌ… সঁচাকৈয়ে মৌ-মাখিয়ে নীলা ৰঙৰ মৌ উৎপাদন কৰিব পাৰে নেকি ! কি কয় বৈজ্ঞানিকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং