26 C
Guwahati
Thursday, May 26, 2022
More

    সৌৰভ গাগুংলী আৰু জয় শ্বাহে এৰিব বি চি চি আই? ইয়াৰ কাৰণ কি

    সৌৰভ গাগুংলী আৰু জয় শ্বাহে এৰিব বি চি চি আই? ইয়াৰ কাৰণ কি

    বিৰাট কোহলীয়ে টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ আকস্মিক সিদ্ধান্তই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ কাৰ্যকাল সমাপ্তক লৈ চলিছে চৰ্চা।

    উল্লেখ্য যে, গাংগুলীৰ লগতে বি চি চি আইৰ সচিব জয় শ্বাহৰো কাৰ্যকাল চলিত বছৰৰ অক্টোবৰত মাহত অন্ত পৰিব।

    দুয়োজন ২০১৯ চনৰ অক্টোবৰত বি চি চি আইৰ সভাপতি আৰু সচিব হিচাপে নিৰ্বাচিত হৈছিল।

    বি চি চি আইয়ে এজন নতুন অধ্যক্ষ আৰু সচিব লাভ কৰিব নে গাংগুলী আৰু শ্বাহেই পুনৰ দায়িত্ব গ্ৰহণ কৰিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকিব।

    অক্টোবৰত তেওঁলোকৰ তিনি বছৰীয়া কাৰ্যকাল সমাপ্ত হ’ব আৰু তেওঁলোকৰ স্থানত আন কোনোৱে দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

    স্মৰ্তব্য যে গাংগুলীৰ কাৰ্যকালত সফলতা আৰু বিতৰ্ক দুয়োটা দেখা গৈছে।

    গাংগুলীৰ সময়ত ৰাহুল দ্ৰাবিড় আৰু ভি ভি এছ লক্ষ্মণক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল, যাক প্ৰাপ্তি বুলি ক’ব পাৰি।

    দ্ৰাবিড়ক ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক আৰু লক্ষ্মণক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ সভাপতিৰূপে নিযুক্তি দিছে।

    ইফালে কোহলীয়ে টি-২০ ৰ অধিনায়কত্ব ত্যাগ কৰে আৰু তেওঁৰ পৰা এদিনীয়াৰ অধিনায়কত্বও কাঢ়ি লোৱা হৈছিল যিয়ে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল।

    আৰু পঢ়ক : অহা ২-৩ সপ্তাহৰ ভিতৰত কৰ’ণাৰ তৃতীয় ঢৌৱে চুব শিখৰ, SBI-ৰ দাবী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং