
এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত৷ এটি ফুলকুমলীয়া দেৱ শিশুক পুখুৰীত দলিয়াই মাতৃয়ে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটিৰ মৃতদেহ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
উল্লেখ্য যে, গৰৈমাৰীৰ কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷ সেইদৰে বৃহস্পতিবাৰে নিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল৷ পিছত নিশাৰ ভাগতে সন্ধানহীন হৈছিল তেওঁলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান৷
পুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, স্বামী মিজানুৰ ৰহমানৰ লগত পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো স্বামীৰ ঘৰলৈ আহিছিল মহিলাগৰাকী।
বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহলৈ মহিলাগৰাকী আহিছিল, কোনে আনিছিল বিদাৰক ঘটনা আৰু কিয় কাজিয়াৰ সূত্ৰপাত হৈছিল স্থানীয় ৰাইজে সেই কথা জ্ঞাত নহয় বুলি সদৰি কৰিছে। গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰাৰ পিছত ওলাব শিশুটিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।
আৰু পঢ়ক : এতিয়াৰে পৰা ফেচবুকত চৰকাৰৰ বিৰুদ্ধে দিব নোৱাৰিব পোষ্ট! আৰক্ষীয়ে কৰিব গ্ৰেপ্তাৰ…