26 C
Guwahati
Monday, October 18, 2021
More

    চনু ছুডৰ মহাবিপদ, ২০ কোটি টকাৰ কৰ ফাঁকি লগতে ৬৫ কোটিৰ ভুৱা লেনদেনৰ অভিযোগ

    চনু ছুডৰ মহাবিপদ, ২০ কোটি টকাৰ কৰ ফাঁকি লগতে ৬৫ কোটিৰ ভুৱা লেনদেনৰ অভিযোগ

    কৰণাৰ সময়ত দেশৰ কোটি কোটি জনতাক সহায় আগবঢ়াই সকলোৰে বাবে মহান ব্যক্তিত্বৰ গৰাকী হৈ পৰিছিল ভাৰতীয় ছবিজগতৰ এগৰাকী অন্যতম অভিনেতা চনু ছুড। সেই চনু ছুডেই এতিয়া মহাবিপদত পৰিছে।

    আইটি বিভাগে অভিনেতাগৰাকীৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ আনিছে। লগতে ভুৱা লেনদেনৰো অভিযোগ উত্থাপন কৰিছে। অভিনেতাগৰাকীৰ নামৰ সৈতে জড়িত মুম্বাইৰ কেইবাঠাইতো তালাচী চলাইছিল মুম্বাই আইটি বিভাগে।

    সেই তালাচীৰ পিছতে ২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ আনিছে চনু ছুডৰ বিৰুদ্ধে। লগতে ৬৫ কোটি টকাৰ ভুৱা লেনদেনৰো অভিযোগ আনিছে। যাৰ বাবে এতিয়া বিপদ বাঢ়িছে অভিনেতাগৰাকীৰ।

    মুম্বাই আইটি বিভাগে চনু ছুডৰ নাম জড়িত হৈ থকা মুম্বাইৰ লগতে লক্ষ্ণৌ, কানপুৰ, জয়পুৰ, দিল্লী আৰু গুৰুগ্ৰাম সহ মুঠ ২৮ ঠাইত তালাচী অভিযান চলাইছিল।

    আৰু পঢ়ক : এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীৰ এইমছলৈ স্থানান্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং