‘এজন ৰোগীক আঁকোৱালি লৈ তেওঁৰ ঔষধৰ খৰচ বহন কৰক’- হাতযোৰ কৰি আহ্বান ছনু ছুডৰ

0
220
নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত অভিনেতা চনু চুডৰ বিৰুদ্ধে গোচৰ ৰুজু
ফাইল ফটো

দেশত কৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এই সময়ত শ্ৰমিক সকলৰ বাবে ভগৱান স্বৰূপ হৈ পৰিছে অভিনেতা ছনু চুড । কেৱল শ্ৰমিকে নহয় বিপদত থকা সকলো লোকলৈ সহায়ৰ হাত আগবঢ়াই মহানুভতাৰ পৰিচয় দিছে ছনু চুডে । তেওঁৰ কৰ্মৰ বাবে  কম দিনৰ ভিতৰতে অধিক  জনপ্ৰিয় হৈ পৰিছে অভিনেতা জন । মুম্বাইৰ শ্ৰমিককে ধৰি আন বহু শ্ৰমিক ঘৰলৈ যাবলৈ সক্ষম হৈছে ছনুৰ বাবে ।

 বৰ্তমান সময়ত তেওঁ শ্ৰমিক সকলক কাম দিয়াৰ বাবে চেষ্টা কৰি আছে ।ইয়াৰ মাজতে আকৌ এবাৰ পৰিচয় দিলে ছনুৰ বিশাল হৃদয়ৰ ।

বিনিময়ত তেওঁ কাৰো পৰা একোৱে বিচৰা নাই , কেৱল হাত যোৰ কৰি অনুৰোধ কৰিছে । ছনুই টুইটাৰৰ জৰিয়তে কয় যে ” ”আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ। যিসকলে আনক সহায় কৰাৰ বাবে সক্ষম, তেওঁলোকলৈ অনুৰোধ যাতে সহায় কৰিবলৈ আগবাঢ়়ি আহে । ওচৰৰ চিকিৎসালয়ত ভৰ্তি থকা কোনা ৰোগীৰ অন্তত ঔষধৰ খৰচ বহন কৰক । যদি আপুনি এনে কৰে মই আপোনালোকক বিশ্বাস দিছো যে আপোনালোকৰ চিন্তা কম হৈ যাব ”।

এই টুইটটোৰ পিছতেই সকলোৱে সমৰ্থন কৰিছে ছনুক । জানিব পৰা মতে ছনুই পঞ্জাৱৰ অনাথ লৰা ছোৱালী সকলৰ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত লৈছে ।

photo credit : ABP live