29 C
Guwahati
Monday, August 8, 2022
More

    পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱকলৈ সহায়ৰ হাত চনু চুডৰ, ভাইৰেল ভিডিঅ’ত সকলোৰে উচ্চ প্ৰশংসা

    পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকক বলিউদৰ জনপ্ৰিয় অভিনেতা চনু চুডে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা নিজৰ বাহুত তুলি অনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।

    দুৰ্ঘটনাগ্ৰস্ত যুৱকজনৰ প্ৰতি বলিউদৰ অভিনেতা গৰাকীয়ে আগবঢ়োৱা এই সহায়ৰ পাছতে সকলোৱে চনু চুডক প্ৰশংসাৰে ওপচাই পেলায়।

    পঞ্জাৱৰ মোগা জিলাত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এজন যুৱক পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈ নিজৰ বাহনৰ ভিতৰতে অচেতন হৈ পৰে।

    চনু চুডে পৰৱৰ্তী সময়ত ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি নিজৰ বাহুত কঢ়িয়াই হস্পিটেললৈ লৈ যায়।

    চনু চুড আৰু স্থানীয় নাগৰিক সকলৰ এই প্ৰচেষ্টাৰ ফলতে বৰ্তমান হস্পিটেলত সংকটজনক অৱস্থাৰ পৰা সাধাৰণ অৱস্থালৈ উভতি আহিছে ১৯ বছৰীয়া যুৱকজন।

    ক’ভিড কাল আৰম্ভ হোৱাৰ পৰা জনসাধাৰণৰ প্ৰতি বলিউদৰ অভিনেতা চনু চুডে আগবঢ়াই অহা সহায়ৰ বাবে চৰ্চা লাভ কৰি আহিছে।

    চনু চুডে ক’ভিড সংক্ৰমণ হ্ৰাস কৰাৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত দেশৰ বিভিন্ন স্থানত আৱদ্ধ শ্ৰমিক সকলক নিজ নিজ ঘৰলৈ উভতি অহাৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল।

    আৰু পঢ়ক : নিবনুৱা সমস্যা, ঋণগ্ৰস্ততাৰ ফলত ২০১৮-২০২০ চনৰ ভিতৰত দেশত ২৫০০০ কৈ অধিক লোকে আত্মহত্যা কৰিছে : চৰকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং