31 C
Guwahati
Thursday, September 29, 2022
More

    ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবে পুত্রই জ্বলাই দিলে ঘৰ

    ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবে পুত্রই জ্বলাই দিলে ঘৰ

    বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত এক জঘন্য ঘটনা সংঘটিত  হৈছে।

    ড্ৰাগছ, মদ,ভাং,গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল হৈ থকা কৃষ্ণ দাসে নিজৰ ঘৰৰ প্ৰায়বোৰ সামগ্ৰী বিক্ৰী কৰি দিয়ে ।

    নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ প্ৰতিদিনে কৃষ্ণ দাসে পিতৃ প্ৰেম দাসৰ পৰা টকা বিচাৰে ৷

    পিতৃয়ে টকা দিব নোৱাৰিলে পুত্ৰই ঘৰৰ বয়বস্তু বিক্ৰী কৰে বুলি পিতৃ প্ৰেম দাসে অভিযোগ কৰিছে ৷

    নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ পিতৃ মাতৃৰ লগতে ভনিয়েককো মাৰপিট কৰে বুলিও তেওঁ জানিবলৈ দিয়ে।

    পিতৃয়ে পুত্ৰৰ কোঠাৰ পৰা ড্ৰাগছৰ খালী কন্টেনাৰ ছিৰিঞ্জ আদিও উদ্ধাৰ কৰিছে।

    বুধবাৰেও পুত্ৰই তেওঁৰ পৰা ড্ৰাগছ সেৱন কৰিবৰ বাবে ৫ হাজাৰ টকা বিচাৰিছিল।

    কিন্তু তেওঁ দিবলৈ মান্তি নোহোৱাত কৃষ্ণ দাসে তেওঁলোকৰ ঘৰটো জ্বলাই দিয়ে।

    ফলত দুৰ্ভগীয়া পিতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

    কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত ড্ৰাগছ আসক্ত যুৱক কৃষ্ণ দাসক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং