21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৮৭ টকাত বিক্ৰী কৰিলে ১৩৫ কোঠাৰ এক ৰাজকীয় অট্টালিকা, ক্ষোভতে পিতৃয়ে গোচৰ তৰিলে পুত্ৰৰ বিৰুদ্ধে

    পৈতৃক সম্পত্তি ৰূপে এগৰাকী ৰাজকুমাৰে লাভ কৰিছিল ভালেখিনি সম্পত্তি। তাৰেই ভিতৰত এটা অট্টালিকা নিজৰ পুত্ৰৰ নামত কৰি দিয়ে ৰাজকুমাৰ পিতৃয়ে। পিছে ৩৭ বৰ্ষীয় পুত্ৰই সেই অট্টালিকা বিক্ৰী কৰি দিয়ে মাত্ৰ ৮৭ টকাত।

    যি কাণ্ডত হতভম্ব হৈ পৰে পিতৃ। আৰু পুত্ৰৰ বিৰুদ্ধে গোচৰ তৰে লগতে সেই অট্টালিকাও পুনৰ উভতাই বিচাৰি দাবী তোলে। এই ঘটনা বাৰ্লিনৰ। ৰাজকুমাৰ পিতৃ ইংলেণ্ডৰ ৰাণীৰ দূৰ সম্পৰ্কীয় ভাতৃ।

    পিতৃয়ে ২০০০ চনত পুত্ৰৰ নামত কৰিছিল অট্টালিকাটো। সেই অট্টালিকাটোই ২০১৮ চনত চৰকাৰক বিক্ৰী কৰিব বুলি ঘোষণা কৰে। পুত্ৰই মাত্ৰ এক ইউৰোত চৰকাৰৰ ওচৰত অৱশেত বিক্ৰী কৰি দিয়ে অট্টালিকা।

    পুত্ৰই বিক্ৰী সন্দৰ্ভত জানিব দিয়া অনুসৰি, অট্টালিকাটো ঠিক ঠাক কৰিবৰ বাবে বহু টকাৰ প্ৰয়োজন। কিন্তু তেওঁৰ ওচৰত সিমান টকা নাই। সেয়ে চৰকাক দি দিয়ে। আনকি বৰ্তমানে থকা ঠাইয়ো নথকাত এক সাধাৰণ হোটেলত বাস কৰি আছে ৰাকুমাৰৰ পুত্ৰই।

    আৰু পঢ়ক :  মাইক্ৰ’ফাইনেন্স কৰ্মচাৰীৰ নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কঠিয়াতলীত তীব্ৰ প্ৰতিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং