ঈদৰ আগমূহুৰ্তত জঘন্য ঘটনা, পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃ নবীজা খাতুনে

0
5465

ঈদৰ আগমূহুৰ্তত জঘন্য ঘটনা, পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃ নবীজা খাতুনে। পবিত্ৰ ঈদৰ আগে আগে সংঘটিত হৈছে এই হত্যাকাণ্ড।

বটদ্ৰৱাৰ নিকটৱৰ্তী জামুগুৰিত সংঘটিত হৈছে এই জঘন্য হত্যা কাণ্ড। ড্ৰাগছ আসক্ত পাষাণ পুত্ৰৰ প্ৰহাৰত অকাল মৃত্যুক সাৱটি লয় মাতৃয়ে।

ড্ৰাগছৰ বাবেই নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত জামুগুৰিত সংঘটিত হৈছে জঘন্য হত্যা কাণ্ড। পুত্ৰৰ হাতত মৃত্যু বৰণ কৰিব লগা হল এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।

প্ৰাপ্ত তথ্য মতে জুৰিয়া থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ মাইনুল হকৰ পুত্ৰ আমিৰ হামজাই জন্মদাত্ৰী মাতৃ নবীজা খাতুনক ড্ৰাগছ খাব নিদিয়াৰ বাবেই ডিঙি চেপি ধৰে। যাৰ বাবে শ্বাস-প্ৰশ্বাস বন্ধ হৈ অসুস্থ হৈ পৰে মাতৃগৰাকী।

ঘটনা সম্পৰ্কে জানিব পৰাৰ লগে লগে পৰিয়ালৰ লোকে অসুস্থ মহিলাগৰাকীক স্থানীয় দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিওঁ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে।

কিন্তু নগাঁওলৈ যোৱাৰ পথতে মৃত্যু হয় দূৰ্ভগীয়া মাতৃ নবীজা খাতুনৰ । যাৰ বাবে ৰাইজে এতিয়া এই কুলংগাৰ পুত্ৰৰ উচিত শাস্তিৰ দাবী জনাইছে আৰক্ষীক ।

Input and Photo – Hemen Raja