30 C
Guwahati
Monday, September 20, 2021
More

    ভোগালীৰ উচাহৰ মাজতে পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

    ভোগালীৰ উচাহৰ মাজতে পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক। ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিয়নীৰ নকছাৰিত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন ৷

    বুধবাৰে ৰাজ্যবাসী যি সময়ত ভোগালীৰ আনন্দ উল্লাসত মতলীয়া হৈ আছিল তেনে সময়তে মৰিয়নীত সংঘটিত হয় এই ভয়ংকৰ অঘটন। নকছাৰি ৰে’ল ষ্টেচনৰ সমীপৰ ধন মেচ নামৰ লোকজনে মাতৃ হত্যা কৰে।

    ঘটনাৰ পিছতে পৰিয়ালৰ তৰফৰ পৰা দেবেৰাপাৰ থানাত গোচৰ ৰুজু কৰা হয় ৷ গোচৰ দাখিলৰ পিছতে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতত মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    আনহাতে অভিযুক্ত মাতৃহন্তা ধন মেচক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷

    আৰু পঢ়ক : ভোগালী বিহুৰ উচাহৰ মাজতে বলে’ৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ ভৰি ছিঙি পৰিল বাইক আৰোহীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং