26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মৰ্মান্তিক! পুত্ৰৰ মৃত্যুৰ‌ ২৪ ঘন্টা নহওঁতেই প্ৰাণ গ’ল পিতৃৰ

    মৰ্মান্তিক! পুত্ৰৰ মৃত্যুৰ‌ ২৪ ঘন্টা নহওঁতেই প্ৰাণ গ’ল পিতৃৰ

    ২৪ ঘণ্টাত মৃত্যু পিতা-পুত্ৰৰ।কাজিৰঙাত সংঘটিত এই হৃদয় বিদাৰক ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাওঁ মহপাৰৰ নিবাসী উমেশ গগৈ দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল ক’ভিডত ।

    আনহাতে পুত্ৰ সঞ্জয় গগৈ (৩৮) ক’ভিড ৰোগত আক্ৰান্ত হোৱাৰ পিছত পুনৰ ক’ভিড পৰীক্ষাত নিগেটিভ ফলাফল ওলাই যদিও স্বাস্থ্যৰ অৱনতি ঘটাত মঙলবাৰে নিশা বোকাখাত চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে নি থকা অৱস্থাত নিশা প্ৰায় ১-৩০ বজাত আমনিত মৃত্যু হয় ।

    পৰিয়ালৰ লোকে জানিব দিয়া মতে সঞ্জয় ক’ভিড ৰোগত আক্ৰান্ত হৈ বোকাখাত মহকুমা চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি আছিল । এদিন পূৰ্বে ক’ভিড পৰীক্ষাত ফলাফল নিগেটিভও হৈছিল । কেৱল দুৰ্বল হৈ আছিল ।

    নিশা বোকাখাত চিকিৎসালয়ত থকা অৱস্থাত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে দুৰ্বল অনুভৱ কৰাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থাকোতে পথত মৃত্যু হয় ।

    আনহাতে পুত্ৰৰ অকাল মৃত্যুৰ পিছতে একেখন ঘৰৰে যোৰহাটত চিকিৎসাধীন অৱস্থাত থকা পিতৃ উমেশ গগৈ (৫৮) কোভিড আক্রান্ত হৈ বৃহস্পতিবাৰে পুৱা মৃত্যু হয়।

    Input; Kishan Chetry, kaziranga ।

    আৰু পঢ়ক : অসম সীমান্তত ১২ টা পথ উদ্বোধন ৰাজনাথ সিঙৰ, ক’লে- দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ উন্নয়ন হোৱা নাছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং