23 C
Guwahati
Thursday, May 19, 2022
More

    মই নহয়, উত্তৰ-পূবৰ কোনো অভিনেত্ৰীয়ে কৰিব লাগিছিল ‘মেৰীকম’, কিয় ক’লে প্ৰিয়ংকাই

    মই নহয়, উত্তৰ-পূবৰ কোনো অভিনেত্ৰীয়ে কৰিব লাগিছিল ‘মেৰীকম’, কিয় ক’লে প্ৰিয়ংকাই

    ২০১৪ চনত মুক্তি লাভ কৰা ‘মেৰীকম’ ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ ছবিখনক লৈ কৰা এটা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।

    জীৱন্ত কিংবদন্তি মহিলা বক্সাৰ তথা অলিম্পিক পদক জয়ী এম চি মেৰীকমৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবিখনে ব্যাপক সফলতা লাভ কৰিছিল। মেৰীকমৰ চৰিত্ৰত অভিনয় কৰি প্ৰিয়ংকাইও যথেষ্ট প্ৰশংসা বুটলিছিল।

    কিন্তু শেহতীয়াকৈ এটা সাক্ষাতকাৰত প্ৰিয়ংকাই কয় যে তেওঁৰ ঠাইত মেৰীকমৰ চৰিত্ৰটো আন কাৰোবাক দিয়া উচিত আছিল।

    উল্লেখ্য যে, মেৰীকম ছবিখনে কেইবাটাও পুৰস্কাৰ আজুৰিবলৈ সক্ষম হৈছিল যদিও মণিপুৰকে ধৰি উত্তৰ-পূবৰ বিভিন্ন স্থানত ছবিখনক লৈ প্ৰতিবাদো হৈছিল।

    মেৰীকমৰ চৰিত্ৰটোত প্ৰিয়ংকা খাপ নোখোৱাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে মণিপুৰৰ কেইবাটাও চলচ্চিত্ৰ গৃহত ছবিখন প্ৰদৰ্শনত বাধা দিছিল।

    এই বিতৰ্কক লৈ সেই সময়ত মুখ নোখোলা অভিনেত্ৰী প্ৰিয়ংকাই এতিয়া স্পষ্টৰূপত নিজৰ মত প্ৰকাশ কৰিছে।

    ভেনিটি ফেয়াৰক দিয়া এটা সাক্ষাতকাৰত চোপ্ৰাই কয়, ‘মই দেখাত তেওঁৰ দৰে নাছিলো। তেওঁ আছিল উত্তৰ-পূবৰ আৰু মই হ’লো উত্তৰ ভাৰতৰ। শাৰিৰীকভাৱেও দুয়োৰে যথেষ্ট অমিল আছিল। সেয়ে মেৰীকমৰ চৰিত্ৰত উত্তৰ-পূবৰ কোনো অভিনেত্ৰীক কাষ্ট কৰিব লাগিছিল ’।

    প্ৰিয়ংকা চোপ্ৰাই লগতে এইটোও কয় যে এগৰাকী অভিনেত্ৰী হিচাপে জীৱন্ত কিংবদন্তিৰ চৰিত্ৰত অভিনয়ৰ সুযোগ এৰি দিব বিচৰা নাছিলো।

    উল্লেখ্য যে প্ৰিয়ংকা চোপ্ৰাই মেৰীকমৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বক্সাৰগৰাকীৰ মণিপুৰৰ গাঁৱৰ ঘৰৰ লগতে স্বামী, সন্তানৰ লগতে পৰিয়ালৰ আন আন সদস্যৰ লগত যথেষ্ট সময় অতিবাহিত কৰিছিল।

    ইয়াৰ উপৰি মেৰীকমৰ চৰিত্ৰটো জীৱন্ত কৰি তুলিবলৈ তেওঁ প্ৰায় পাঁচমাহ বক্সিঙৰ শিক্ষাও গ্ৰহণ কৰিছিল।

    আৰু পঢ়ক : পবিত্ৰ সম্পৰ্কত কালিমা; বৃদ্ধা মাতৃক ধৰ্ষণ পাষাণ পুত্ৰৰ, অসুস্থ মাতৃ চিকিৎসালয়ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং