মুখ্যমন্ত্ৰীৰ কেইটামান অতিকে বিশেষ ঘোষণা- স্বাধীনতা দিৱসৰ পৰা চৰকাৰী কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধিলৈ…

0
658

মুখ্যমন্ত্ৰীৰ কেইটামান অতিকে বিশেষ ঘোষণা- স্বাধীনতা দিৱসৰ পৰা চৰকাৰী কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধিলৈ…

দুৰ্নীতিৰ পৰা দূৰত থকা চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে দিব বিশেষ সন্মান। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ বিশেষ ঘোষণা। লোককল্যান পুৰস্কাৰ দিব চৰকাৰৰ ফালৰ পৰা।

সততাৰে কাম কৰা চৰকাৰী কৰ্মচাৰীৰ বাঢ়িব এক বছৰ চাকৰিৰ কাৰ্যকাল। প্ৰতিজিলাত ৩ গৰাকীকৈ কৰ্মচাৰীক দিয়া হব এই পুৰস্কাৰ। তাৰোপৰি, ৰাজ্যিক পৰ্যায়ত মুঠ ১০ গৰাকী কৰ্মচাৰীক দিয়া হব এই পুৰস্কাৰ।

আনহাতে ‘হৰ ঘৰ টিৰংগা’ সন্দৰ্ভত কিছুসময়ৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল। জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এই সংবাদমেল। ১৩ ৰ পৰা ১৫ আগষ্টলৈ সকলোৰে ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ আহ্বান। উপস্থিত কেইবাগৰাকীও সংগীত শিল্পী।

শিশু সেৱা আঁচনিৰ জৰিয়তে মাক দেউতাৰ হেৰুওৱা শিশুক ৭লাখ ৫০ হাজাৰ টকা মিয়াধি জমা দিয়া হৈছে। ৮ জন শিশুক প্ৰদান কৰা হৈছে এই টকা।

এই শিশু সকলে ২৪ বছৰ বয়সলৈ বেক একাউণ্টত পোনপটিয়াকৈ ৩৫০০ লাভ কৰি থাকিব। পৰৱৰ্তী পৰ্যায়ত ২৪ বছৰ পাৰ হৈ যাব তেতিয়া সেই ৭লাখ ৫০ হাজাৰ টকা টকা উলিয়াই লবও পাৰিব নাইবা পুনৰ ৰি ইনভেষ্টো কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়া আহ্বান জনোৱা অনুসৰি ১৩-১৪-১৫ তাৰিখে নিজৰ ঘৰৰ চৌহদত পতাকা উত্তোলন কৰিব নাইবা উৰুৱাই ৰাখিব।

যদি উত্তোলন কৰে তেন্তে সন্ধিয়া ৬ বজাৰ লগে লগে সেই পতাকা নমাই আনি পিছদিনা পুনৰ উত্তোলম কৰিব পাৰিব। অন্যথা যি সকলে উৰুৱাই ৰাখিব বিচাৰে তেওঁলোকে উৰুৱাই ৰাখিব পাৰিব।

তাৰোপৰি, ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মন্দিৰ-মছজিদ, কাৰ্যালয় আদিতো এইদৰে পতাকা উত্তোলন অথবা উৰুৱাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

সেই পতাকা আত্মসহায়ক গোটৰ পৰা ক্ৰয় কৰিবৰ বাবে আহ্বান। ইতিমধ্যে ১০ লাখৰো অধিক পতাকা আত্মসহায়ক গোট সমূহে বিক্ৰী কৰিছে।

চৰকাৰেও খাদী গ্ৰামোদ্যোগ বিভাগৰ ফালৰ পৰাও ৫০ লাখ জাতীয় পতাকা ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। সেই পতাকা সমূহ চৰকাৰে সূলভ মূল্যৰ দোকানতো উপলব্ধ হোৱাকৈ ৰাখিব। লগতে সেই পতাকা সমূহৰ মূল্য নিৰ্ধাৰিত মূল্য হৈছে মাত্ৰ ১৮ টকা।

প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদৰ আঁচনিৰ জৰিয়তে বহু পৰিয়ালক চৰকাৰৰ ফালৰ পৰা ১০০০ টকাকৈ প্ৰদান কৰা হয়, এইবাৰ ১০১৮ টকা প্ৰদান কৰা হব যাতে সেই ১৮ টকাৰে একোখন জাতীয় প্ৰতাকা ক্ৰয় কৰিব পাৰে।

২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ সকলোকে ফেচবুক, টুইটাৰ, হোৱাটএত আদিৰ দৰে সামাদিক মাধ্যমৰ প্ৰফাইলত নিজৰ ফটোৰ সসলনি জাতীয় পতাকা লগাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা।