25.2 C
Guwahati
Wednesday, September 22, 2021
More

    নতুন নহয় অসম-মিজোৰাম বিবাদ; ভাৰতৰ আন কোনকেইখন ৰাজ্যৰ মাজত চলি আছে এনে বিবাদ

    নতুন নহয় অসম-মিজোৰাম বিবাদ; ভাৰতৰ আন কোনকেইখন ৰাজ্যৰ মাজত চলি আছে এনে বিবাদ

    অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদে বৰ্তমান সময়ত ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

    ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিত ছয়গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পাছতে এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত।

    এতিয়া প্ৰসংগটো হ’ল ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ মাজৰ সীমা বিবাদ নতুন কথা নহয়।

    অসম-মিজোৰামৰ উপৰিও ভাৰতৰ বহুকেইখন ৰাজ্যৰ মাজত এতিয়াও দীৰ্ঘদিনৰ পৰা সীমা বিবাদৰ লগতে বিভিন্ন বিষয়লৈ বিবাদ চলি আছে।

    মাটি, নদী আৰু জল চুক্তি আদি বিষয় লৈ ৰাজ্যসমূহৰ মাজত অব্যাহত আছে পাৰস্পৰিক বিবাদ।

    ইয়াত কেইখনমান ৰাজ্যৰ মাজত চলি থকা বিবাদ সম্পৰ্কে চমুকৈ উল্লেখ কৰা হৈছে-

    কাবেৰী জল চুক্তি বিবাদ:

    কাবেৰী নদীৰ জল চুক্তিক লৈ তামিলনাডু, কৰ্ণাটক, পুডুচেৰী আৰু কেৰালাৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে।

    ব্ৰিটিছ শাসনৰ দিনৰ ১৮৯২ চনৰ পৰাই মূল কাবেৰী জল বিবাদ আৰম্ভ হৈছিল। কাবেৰী নদীৰ ওপৰত পানী যোগান ব্যাৱস্থা স্থাপনৰ সিদ্ধান্তৰ পাছৰে পৰা এই বিবাদৰ সূচনা হৈছিল।

    কৰ্ণাটকৰ খেতিয়ক সকলৰ বাবে কাবেৰী নদী হৈছে আয়ুস ৰেখা স্বৰূপ আৰু বাংগালুৰু চহৰৰ পানী যোগানো বহু পৰিমাণে কাবেৰী নদীৰ ওপৰত নিৰ্ভৰশীল।

    কাবেৰী নদীৰ পানীৰ ভাগ বটৰোৱাকলৈয়ে কৰ্ণাটক, তামিলনাডু, পুডুচেৰী আৰু কেৰালাৰ মাজত সংঘাত চলি আহিছে।

    যদিও কাবেৰী জল বিবাদ ন্যায়াধীকৰণে প্ৰতিখন ৰাজ্যক পানী ব্যাৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে তথাপিও বৰ্তমানো এই বিবাদ সম্পুৰ্ণৰূপে শাম কটা নায়।

    মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজৰ বিবাদ:

    মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজতো সীমাক লৈ বহুদিনৰ পৰা বিবাদ চলি আছে। মহাৰাষ্ট্ৰই কৰ্ণাটকৰ ৭০০০ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে। বেলাগবি, উত্তৰা কানাড়া, বিদাৰ আৰু গুলবাগ্ৰাৰ মুঠ ৮১৪ খন গাঁও আৰু তিনিখনমান চহৰ মহাৰাষ্ট্ৰই নিজৰ বুলি দাবী কৰি আহিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ মতে এই গাঁও আৰু চহৰ সমূহৰ জনসাধাৰণে মাৰাঠী ভাষা কয় সেয়েহে উক্ত অঞ্চল সমূহ মহাৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত হোৱা উচিত। ১৯৫৬ চনৰে পৰা দুয়োখন ৰাজ্যৰ মাজত এই বিবাদ চলি আছে।

    শেহতীয়াভাৱে মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে উক্ত প্ৰসংগত মন্তব্য প্ৰকাশ কৰি পুনৰ পুৰণি বিবাদক নতুন মাত্ৰা প্ৰদান কৰিছে।

    অসম-মিজোৰাম সীমা বিবাদ:

    অসম আৰু মিজোৰামৰ বাবে সীমা বিবাদ দীৰ্ঘদিনীয়া। ১৯৯৫ চনৰ পৰাই এই সীমা বিবাদৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত কেন্দ্ৰৰ মধ্যস্থতাত আলোচনা চলি আহিছে যদিও এতিয়ালৈ ইয়াৰ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নায়।

    অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ মাজত বিবাদ:

    কোৰাপুত জিলাৰ কোটিয়াৰ বহুকেইখন গাঁৱক লৈ আৰম্ভ হোৱা ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ বিবাদ সমাধান হ’বলৈ এতিয়াও বাকী আছে।

    মাওবাদী সমস্যাৰে জৰ্জৰিত এই গাঁও কেইখনত সোণ, প্লেটিনাম, গ্ৰেফাইট, লাইমষ্টোনকে আদি কৰি বহু প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে।

    ওড়িশা নতুন ৰাজ্য হিচাপে গঠন হোৱাৰ পূৰ্বে এই গাঁও সমূহ মাড্ৰাছ প্ৰেছিডেন্সিৰ অন্তৰ্ভূক্ত আছিল। পৰৱৰ্তী সময়ত মাড্ৰাছ চৰকাৰে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত সীমান্ত নিৰ্দ্ধাৰণ কৰিলেও ২১ খন গাঁৱক লৈ এতিয়াও বিবাদ চলি আছে। বৰ্তমান বিষয়টো উচ্চতম ন্যায়ালয়ৰ অধীনত আছে।

    ছত্তীশগড় আৰু ওড়িশাৰ বিবাদ :

    এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি ওড়িশা আৰু ছত্তীশগড়ৰ মাজত বিবাদ আৰম্ভ হয়। ওড়িশাৰ ভূমিত ছত্তীশগড়ে এটা পথ নিৰ্মাণ কৰাৰ পাছতে এই বিবাদে মুৰ দাঙি উঠে।

    বহু ৰাজ্যই এই বিবাদ সমূহ কেন্দ্ৰ চৰকাৰৰ মধ্যস্থতাত সমাধান কৰিব বিচাৰিছে আৰু আন বহু ৰাজ্যই ইতিমধ্যে বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

    আৰু পঢ়ক : খেতিত নামিয়েই সৰৱ কৃষক নেতা, ক’লে হিমন্তই খেতি কৰি পোৱা নাই বাবে গৰুৰ মূল্য নুবুজে আৰু…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং